নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত ছয় গাৰো সংগঠনৰ ভোট বৰ্জনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে জটিল হৈ পৰিছে ৰাভা হাছঙৰ পৰিৱেশ । যোৱা ১৯ চেপ্তেম্বৰত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত দিল্লীৰ যন্তৰ মন্তৰত ৰাভা জনগোষ্ঠীৰ জাতীয় সংগঠনৰ লগতে বড়ো, গাৰো, কোচ ৰাজবংশীকে আদি কৰি কেইবাটাও জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিয়ে “ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ”খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল । এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে বড়ো আৰু গাৰো জনগোষ্ঠীৰ কেইবাটাও জাতীয় সংগঠনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বড়ো আৰু গাৰো কাৰ্যবাহী সদস্যৰ ওপৰত জাঙুৰ খাই উঠে ৷ প্ৰথমে ১৯টাকৈ বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চই ৰাভা হাছং এলেকাৰ পৰা ৩০৯ খন বড়ো ৰাজহ গাঁও কৰ্তনৰ দাবী উত্থাপন হোৱাৰ পিছত এইবাৰ ছয়টাকৈ গাৰো সংগঠনেও ৰাভা হাছঙৰ পৰা গাৰো গাঁও কৰ্তনৰ হুংকাৰ দিছে । আজি দুধনৈৰ সমীপৱৰ্ত্তী লোৱাৰ চিলুকত গাৰো নেচনেল কাউন্সিল, সদৌ অসম গাৰো গাঁওবুঢ়া সন্থা, গাৰো মহিলা পৰিষদকে আদি কৰি ছয়টাকৈ গাৰো জাতীয় সংগঠনৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাভা হাছং এলেকাত এটাও গাৰো জনগোষ্ঠীৰ ঘৰ থাকিব নোৱাৰিব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সলনি তেওঁলোকক গাৰো স্বায়ত্তশাসিত পৰিষদ লাগে। কেৱল এয়াই নহয়, আগন্তুক ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত গাৰো জনগোষ্ঠীৰ লোকসকলে নিৰ্বাচনত ভোট বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইপিনে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত কাৰ্যনিৰ্বাহ কৰি থকা গাৰো জনগোষ্ঠীৰ প্ৰতিনিধি ফ্ৰাইলিন মাৰাক আৰু দেবান মোমিনৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয়- তেওঁলোকে গাৰো জাতিৰ বাবে একো কৰা নাই, অকল নিজৰ  বাবেহে ৰাভা হাছং পৰিষদৰ সদস্য হৈ আছে । তেওঁলোকে গাৰো গাঁৱৰ উন্নয়নৰ বাবে কাম কৰা বুলি যি মিছা কথা কৈছে, তাৰ বাবে তেওঁলোকে গাৰো সংগঠনসমূহৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি সকীয়াই দিয়ে, অন্যথা তাৰ পৰিণাম ভোগ কৰিব লাগিব বুলি সকীয়াই দিয়ে ৷ এই দুয়োটো জনগোষ্ঠীৰ শেহতীয়া স্থিতিয়ে পৰৱৰ্তী ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত যে প্ৰভাৱ পেলাব, সেয়া যেন নিশ্চিত হৈ পৰিছে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like