নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজৰবাৰীত সৰ্পদংশনত মৃত্যু এজনৰ

🔹 চিমেন নৈত উটুৱাই দিলে মৃতদেহ
নিয়মীয়া বাৰ্তা,  ১৬ ছেপ্টেম্বৰ : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই উচ্চ শিখৰত উপনীত হোৱাৰ সময়তে একাংশ মানুহৰ মাজত বৰ্তি আছে ঘোৰ অন্ধবিশ্বাস। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী আনন্দ নগৰত যোৱা ১৩ ছেপ্টেম্বৰত সৰ্পদংশনত মৃত্যু হয় মনাই নমঃশূদ্ৰ (৬৪)  নামৰ লোকজনৰ। বিয়লি নিজ ঘৰতে কাম কৰি থকা অৱস্থাত এডাল বিষাক্ত সাপে দংশন কৰাৰ ফলত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ পিছতো মৃত লোকজনৰ দেহত পুনৰ প্ৰাণ সঞ্চাৰৰ আশা ৰাখি আৰম্ভ কৰা হয় বেজালি। অন্ধবিশ্বাসত পৰিয়ালটোৱে বিভিন্ন অঞ্চলৰ পৰা বেজ-কবিৰাজ মাতি তন্ত্ৰ-মন্ত্ৰ আৰম্ভ কৰে যদিও জী নুঠিল লোকজন। অৱশেষত তিনি দিন ধৰি কবিৰাজি চিকিৎসা চলায় যদিও প্ৰাণ উভতি নহাত কবিৰাজে হাত দাঙি দিয়ে। অৱশ্যে ইমানৰ পিছতো আশা এৰি নিদিয়া পৰিয়ালৰ লোকে। আজি চিমেন নৈত উটুৱাই দিলে মৃতদেহ। কলৰ ভূৰ বনাই মান্ধাতা যুগৰ প্ৰচলিত নিয়ম-নীতিৰ মাজেৰে মৃতদেহ উটুৱাই দিলে নৈত। কলৰ ভূৰখনত এখন বগা কাগজত লোকজনৰ নাম-ঠিকনাৰ ফলক এখন গাঁঠি দিয়া হৈছে।
প্ৰেৰক কৰবী দলে
You might also like