নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভাগীয় নিৰ্দেশ অমান্য একাংশ মৎস্য ব্যৱসায়ীৰ

🔹 নগাঁৱত মীন আইন ধোঁৱাচাঙত
বিশেষ বাৰ্তা, ২৬ মে’ : মীন বিভাগৰ কঠোৰ নিৰ্দেশনাক আওকাণ কৰি একাংশ অসাধু মৎস্য ব্যৱসায়ীয়ে অবাধ গতিত নগাঁও জিলাৰ বিল, জলাশয়, নৈ আদিত মৎস্য চিকাৰ অব্যাহত ৰাখিছে। বিশেষকৈ নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈত একাংশ মৎস ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে মৎস্য চিকাৰ। এইসকল ব্যৱসায়ীয়ে নগাঁও জিলা প্ৰশাসনৰ ১৪৪ ধাৰাকো অৱজ্ঞা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অবাধ গতিত আইনবিৰুদ্ধভাৱে মাছ ধৰি থকাৰ ফলত থলুৱা মাছৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। মীন আইন অনুসৰি ১৫ এপ্ৰিলৰ পৰা ১৫জুলাইলৈকে ঘোষিত মীন মহল, নৈ, জলাশয় আদিত কণীযুক্ত বা শুক্ৰযুক্ত মাছ ধৰাত মীন বিভাগে নিষেধাজ্ঞা জাৰি কৰিছে। এই সময়ত মাছৰ পেটত কণী থাকে বা মাছৰ পোনা হয়। তাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে কলং নৈৰ লগতে জিলাখনৰ আন নৈ, জলাশয় আদিত কণীযুক্ত মাছ আৰু মাছৰ পোৱালি ধৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আছে। নগাঁৱৰ বিভিন্ন বজাৰতো কণীযুক্ত মাছ বিক্ৰী হৈ আছে। মীন বিভাগৰ এই সকলোবোৰ কথা জ্ঞাত যদিও ৰহস্যজনক কাৰণত এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সচেতন মহলে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মীন বিভাগ আৰু জিলা প্ৰশাসনক দাবী জনাইছে।
প্ৰেৰক কনক হাজৰিকা
You might also like