নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসালয়ত অগ্নিকাণ্ড : চিকিৎসাধীন ৭টি শিশুৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৬ মে’ : দিল্লীৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে অগ্নিকাণ্ডত চিকিৎসালয়খনত কমেও ৭টা শিশুৰ মৃত্যু হৈছে। চিকিৎসাৰ সময়তে তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শনিবাৰে নিশা পূব দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰায় ১১:৩০ বজাত চিকিৎসালয়খনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে ১৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয়। সেই সময়ত চিকিৎসালয়খনত কেইবাটাও শিশু চিকিৎসাধীন হৈ আছিল। তাৰ ভিতৰত কেইবাটাও নৱজাতক আছিল। জানিব পৰা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে ১২টি নৱজাতকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু হাস্পতালখনত ৬টা নৱজাতকে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয় । তদুপৰি দেওবাৰে পুৱা আন এটি নৱজাতকৰ মৃত্যু হয়। এতিয়াও সংকটজনক অৱস্থাত ৫টি শিশু চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনত অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

You might also like