নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী এছঅ’পি মানি চেনেহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

  • গাঁৱে গাঁৱে ডেকা–বুঢ়াই নান্দনিক কলাৰে সাজিছে ভেলাঘৰ মেজি
  • মহানগৰীৰ বজাৰত গ্রাহকৰ ভিৰ
  • উভৈনদী পিঠা–পনাসহ বিহুৰ বিবিধ সামগ্রী

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ক’ৰোনা প্রতিৰোধী চৰকাৰী এছ অ’ পি মানি হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী৷ অতিমাৰী ক’ৰোনাৰ প্রথম আৰু দ্বিতীয় ঢৌৱে তচনচ কৰি দিয়া হেঁপাহ আৰু সপোনক পুনৰ একত্রিত কৰি পৰম্পৰাৰ মাজেৰে ভোগালীক আদৰিবলৈ অসমবাসী সাজু হোৱাৰ সময়তেই পুনৰ ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো ক’ৰোনাৰ তৃতীয় ঢ়ৌৱে প্রৱেশ কৰাৰ লগে লগে সাধাৰণ ৰাইজৰ মাজত একপ্রকাৰ সৃষ্টি হৈছে উদ্বিগ্ণতা৷ মুক্তমনে পুৰণিক বিদায় আৰু নতুন বর্ষটোক আদৰিবলৈ প্রতিজন অসমীয়াই সীমাহীন উৎসাহেৰে নিজকে বিলীন কৰি দিছিল যদিও হঠাৎ কাল ক’ৰোনাৰ তৃতীয়টো ঢৌৱে এতিয়া বিহুপ্রেমী ৰাইজক যেন অধিক সংশয়ৰ মাজলৈ ঠেলি দিছে৷ ক’ৰোনাৰ তৃতীয় ঢৌৰ লগতে মাৰাত্মক ভাইৰাছবিধৰ নতুন ভেৰিয়েণ্ট অমিক্রন প্রতিৰোধৰ বাবে ২৪ ঘণ্টা পূর্বে ৰাজ্য চৰকাৰে জাৰি কৰিছিল নতুন এছ অ’ পি৷ এই সম্পর্কীয় সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিশা ১০ বজাৰ পূর্বে উৰুকাৰ ভোজভাত খাই পুৱা ৬ বজাৰ পাছতহে মেজি জ্বলাবলৈ ৰাজ্যবাসীৰ প্রতি আহ্বান জনাইছিল৷ পুহৰ আৰম্ভণিৰ পৰাই উদং পথাৰত নৰা কাটি গাঁৱৰ ডেকা–বুঢ়া, জীয়ৰী–বোৱাৰীয়ে উৰুকাৰ ভোজভাত আৰু বছৰটোৰ মংগল কামনাৰে জ্বলাই অহা মেজিৰ বাবে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছিল৷ উজনি অসমৰ প্রতিখন গাঁৱৰ প্রতিটো চুবুৰিৰ প্রতিখন পথাৰতেই গাঁৱৰ ৰাইজৰ একেই ব্যস্ততা পৰিলক্ষিত হৈছিল৷ পাহোৱাল ডেকাৰ জাকটোৱে ৰাজহুৱা বাৰীৰ প্রকাণ্ড প্রকাণ্ড কাঠেৰে অঞ্চলটোৰ ভিতৰত কোনে সুউচ্চ মেজি সাজিব পাৰে, তাৰেই যেন এক অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছিল৷ একে সময়তে নিপুণ কলাৰে জাকত জিলিকালৈ ভেলাঘৰ সাজি বহুজনৰ দৃষ্টি আকর্ষণৰ আন এক প্রতিযোগিতাও যেন আৰম্ভ হৈছিল৷ পৰম্পৰাক ধৰি ৰখাৰ হেঁপাহ আৰু প্রতিজন অসমীয়াৰেই হেঁপাহ আৰু আদৰৰ মাঘবিহু হঠাৎ ২০২০ চনৰ ফেব্রুৱাৰী মাহৰ পৰা বিশ্বজুৰি আতংক সৃষ্টি কৰা ক’ভিড–১৯ৰ বাবে শিৱসাগৰতো আদৰৰ পৰম্পৰা আবদ্ধ হৈছিল চৰকাৰী এছ অ’ পিৰ মাজত৷

সীমিত উপস্থিতি আৰু কেতবোৰ বাধ্যবাধকতাৰ মাজত ধাৰাবাহিক দুটা বছৰত দুটাকৈ মাঘবিহু উদযাপন কৰি অহা ৰাজ্যবাসীয়ে স্বাভাৱিকতেই আশা প্রকাশ কৰিছিল যে এইবাৰ মাঘৰ বিহুত আকৌ ঘূৰি আহিব পুৰণি দিনৰ পৰম্পৰা, আনন্দ আৰু ধেমালি৷ কিন্তু ২৪ ঘণ্টা পূর্বে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ অ’ পিয়ে যেন কিছু আউল লগালে৷ সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত নিশা দহ বজাৰ পূর্বেই ভেলাঘৰ এৰি ছয় বজাৰ পাছত জ্বলাব লাগিব কুশল–মংগলৰ প্রতীক মেজি৷ দশক দশকজুৰি উৰুকাৰ নিশা গাঁৱৰ ৰাইজে একেলগে ভেলাঘৰৰ তলত ভোজভাত খোৱাৰ আনন্দত চৰকাৰী এছ অ’ পিয়ে যতি পেলালেও বিশ্বই সন্মুখীন হোৱা মহামাৰীৰ এই ভয়াৱহ দুর্যোগৰ সময়ছোৱাত সমাজ–দেশ–ৰাজ্যৰ কোটি কোটি মানুহৰ সুৰক্ষিত জীৱনৰ বাবেই এনেধৰণৰ বাধা–নিষেধ এতিয়া যেন অনিচ্ছাকৃতভাৱে হ’লেও মানি ল’বলৈ বাধ্য৷ কাৰণ জীৱন থাকিলেহে পৰম্পৰা থাকিব৷ এই কথা মানি লৈয়ে চৰকাৰী এছ অ’ পিৰ বাধ্যবাধকতা মানি উৰুকাৰ ভোজভাত, মাঘবিহুৰ পিঠা–পনাৰ বাবে গ্রামাঞ্চলৰ প্রতিগৰাকী মহিলা–যুৱতীৰ এতিয়া যেন গা সাতখন–আঠখন৷ চুবুৰিয়ে চুবুৰিয়ে এটা পষেক পূর্বৰে পৰা বাজি উঠা ঢ়েঁকীৰ গুমগুমনিয়ে দিছিল মাঘবিহুৰ আগমনৰ বতৰা৷ বৰা চাউলৰ পিঠাৰ বাবে তিল, গুৰ, নাৰিকল এতিয়া যেন প্রতিটো পৰিয়ালৰ এক অভিন্ন অংগ হৈ পৰিছে৷ যিমানেই দিন চাপি আহিছে সিমানেই বাঢ়িছে মহিলাসকলৰ ব্যস্ততা৷ পূর্বতে পুহ মাহৰ কিনকিনিয়া জাগলৰ বাবে প্রস্তুতি পর্ব কিছু লেহেমীয়া আছিল যদিও এইবাৰ কুঁৱলী ফালি সূর্য দেৱতাই দিয়া তাপৰ বাবেই ডেকামখাই মেজিৰ বাবে সাজু কৰি থোৱা কাঠ খৰিৰ দ’মটো যেন শুকান হৈ পৰিল৷ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাতেই প্রান্তে প্রান্তে ডেকা–বুঢ়াই মিলি সাজু কৰি তুলিছে বৃহৎ বৃহৎ উচ্চতাৰ মেজি৷

একেদৰে নান্দনিক কলাৰে সজা হৈছে বিভিন্ন আর্হিত ভেলাঘৰ৷বজাৰত পোহাৰীয়ে পোহাৰ মেলিছে বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ৷ তিল পিঠা, গুৰ পিঠা, ঘিলা পিঠা আদি বিভিন্ন পিঠাৰে বজাৰ ভৰিছে যদিও চৰকাৰী নির্দেশনাই কিঞ্চিত যেন স্তিমিত কৰিছে বিহুৰ আনন্দ৷ কিন্তু জীৱন, সমাজ আৰু সভ্যতা বর্তাই ৰখাৰ স্বার্থত এই বছৰৰ হেঁপাহৰ ভোগালীক উৰুকাৰ দহচিয়া নিশাত সামৰি পুৱা মেজিৰ জুইৰে পালন কৰিবলৈ সাজু হৈছে উজনিৰ ৰাইজ৷ যদিও এনে উৰুকাত ভোগালীৰ উৎসাহৰ মাত্রা কম হ’ব, তথাপি প্রজন্মক অমিক্রনৰ ধুমুহাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে প্রদান কৰা বাধা–নিষেধ ৰাইজে মানিবলৈ প্রস্তুত হৈছে৷ কিয়নো জীৱন থাকিলেহে উপভোগ থাকিব৷ জীৱনৰ গতি প্রৱহমান হৈ থাকিলেহে বর্তি থাকিব হেঁপাহৰ ভোগালী৷

You might also like