নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত এছপি সঞ্জীত কৃষ্ণক গ্রেপ্তাৰ

দীর্ঘ২৪ ঘণ্টা অন্তর্ধান ১১ বজাত ডিজিপি অফিচত হঠাৎ আৱির্ভাৱ, ৰহস্যময়ভাৱে আত্মগোপনকৰি থকাৰ পাছত আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ তদন্তৰ জাল চপাই আনিছে চি আই ডিয়ে৷ এছ আই নিযুক্তি পৰীক্ষাৰ প্রশ্ণকাকত দালালৰ হাতত তুলি দিয়া কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক বৃহস্পতিবাৰে নিশা গ্রেপ্তাৰ কৰে তদন্তকাৰী সংস্থাটোৱে৷ অভিযুক্ত উচ্চ পদস্থ আৰক্ষী বিষয়াগৰাকীক আজি আদালতত হাজিৰ কৰোৱা হ’ব৷ লক্ষণীয় কথাটো হ’ল সমগ্র নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড ৰুবুল হাজৰিকাই প্রশ্ণকাকত ফাদিলৰ লগত কৰিমগঞ্জৰ তেতিয়াৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ জড়িত থকাৰ কথা প্রথমবাৰৰ বাবে উল্লেখ কৰিছিল৷ ইয়াৰ পাছতে যোৱা ১১ অক্টোবৰত জৰুৰীভাৱে আৰক্ষী অধীক্ষকগৰাকীক কৰিমগঞ্জৰ পৰা বদলি কৰা হয় আৰু চি আই ডিয়ে তেওঁক জেৰাৰ বাবে তলব কৰে৷ ১২ অক্টোবৰত কুমাৰ সঞ্জীত কৃষ্ণ চি আই ডিৰ কার্যালয়ত হাজিৰ হয়৷ ১৩ অক্টোবৰত আৰক্ষী বিষয়াগৰাকীক বিশেষ শাখাৰ কার্যালয়ত জেৰা কৰি ঘৰলৈ যাবলৈ দিয়া হয় যদিও নির্দেশ পালেই তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ কোৱা হয়৷ কিন্তু বৃহস্পতিবাৰে তদন্তকাৰী সংস্থাটোৱে তেওঁৰ লগত বাৰম্বাৰ যোগাযোগৰ চেষ্টা চলায়ো ব্যর্থ হয়৷ ইয়াৰ পাছতে মহানগৰীৰ কছাৰীবস্তিত থকা বাসগৃহত চি আই ডিয়ে অভিযান চলায় যদিও কুমাৰ সঞ্জীত কৃষ্ণৰ কোনো সন্ধান নাপালে৷ যাৰ বাবে তদন্তকাৰী বিষয়াসকলৰ মাজত হুৱাদুৱা লাগে৷ সমগ্র নিশাটো অনিশ্চয়তাৰ মাজেৰে পাৰ হয়৷

অৱশেষত ২৪ ঘণ্টা অন্তর্ধান হৈ থকাৰ পাছত বৃহস্পতিবাৰে পুৱা প্রায় ১১ বজাত অভিযুক্ত আৰক্ষী বিষয়াগৰাকী সাধাৰণ পোছাকত আহি উলুবাৰীৰ আৰক্ষী সঞ্চালকপ্রধানৰ কার্যালয়ত উপস্থিত হয়৷ ডি জি পিৰ আগত আত্মসমর্পণৰ ইচ্ছা ব্যক্ত কৰাৰ পাছত তদন্ত প্রক্রিয়াৰ নেতৃত্ব দিয়া অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে কিছু সময় তেওঁক সোধা–পোছা কৰে৷ ডি জি পি কার্যালয়ৰ এটা নির্দিষ্ট কোঠাত কুমাৰ সঞ্জীত কৃষ্ণক বহি থকাৰ নির্দেশ দি জি পি সিং অসম আৰক্ষীৰ মুখ্য সদৰৰ পৰা ওলাই আহে৷ এইবাৰ চি আই ডিৰ কার্যালয়ত আই জি পি সুৰেন্দ্র কুমাৰৰে আলোচনাত মিলিত হয় জি পি সিং৷ ইতিমধ্যে আন এজন অভিযুক্ত ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জত অভিযান চলাই চি আই ডিৰ দলটো আহি গুৱাহাটীত উপস্থিত হৈছিলহি৷ কৰিমগঞ্জত চি আই ডিয়ে দণ্ডাধীশৰ উপস্থিতিত ট্রাফিক আই চি, হাউছ গার্ড আৰু তিনি জোৱানৰ ভাষ্য সংগ্রহ কৰিছিল৷ য’ত স্পষ্ট হৈ পৰে যে ১৮ ছেপ্টেম্বৰত প্রশ্ণকাকত লৈ যোৱা গাড়ীৰ পিছে পিছে কৰিমগঞ্জত উপস্থিত হৈছিলগৈ অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম স্বত্বাধিকাৰী ৰুবুল হাজৰিকা আৰু বিজেপি নেতা দিবন ডেকা৷ সেই নিশা প্রশ্ণকাকত নিয়া গাড়ীখন প্রথমতে প্রৱেশ কৰিছিল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ বাসগৃহত৷ তাতেই ৪০ লাখ টকাৰ বিনিময়ত দালাল চক্রটোৱে প্রশ্নকাকতখনৰ ফটো তুলি লয়৷ ইয়াৰ পাছতে প্রশিক্ষণ শিবিৰৰ নামত ৰাজ্যৰ প্রান্তে প্রান্তে দালাল বাহিনীয়ে আৰম্ভ কৰে প্রশ্নকাকতৰ বেহা৷ এই সমগ্র ঘটনাক্রমৰ ভিডিঅ’গ্রাফ ইতিমধ্যে চি আই ডিয়ে সংগ্রহ কৰিছে৷ সকলো প্রয়োজনীয় তথ্য–প্রমাণ সংগ্রহ কৰাৰ পাছত সন্ধিয়া প্রায় ৬ বজাত ডি জি পি কার্যালয়ৰ পৰা অভিযুক্ত আৰক্ষী বিষয়াজনক লৈ যোৱা হয় নাতিদূৰৈত থকা চি আই ডিৰ কার্যালয়লৈ৷ তাতেই কুমাৰ সঞ্জীত কৃষ্ণক চি আই ডিয়ে আনুষ্ঠানিকভাৱে গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে বৃহস্পতিবাৰে দিনটোত তদন্তকাৰী বিষয়াসকলৰ চকুত ধূলি দি কুমাৰ সঞ্জীত কৃষ্ণই অগ্রিম জামিন লাভৰ চেষ্টা চলাইছিল৷ কিন্তু সেই চেষ্টা বিফল হোৱাত আজি তেওঁ নিজেই আহি আৰক্ষী সঞ্চালকপ্রধানৰ কার্যালয়ত আত্মসমর্পণ কৰে৷ এই কেলেংকাৰিৰ আন এজন অভিযুক্ত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) প্রশান্ত দত্তও সম্প্রতি চি আই ডিৰ নজৰত আছে৷ শীঘ্রে তেওঁকো গ্রেপ্তাৰৰ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বে এছ আই নিযুক্তি কেলেংকাৰিত ক্রাইম ব্রাঞ্চ আৰু চি আই ডিৰ জালত পৰিছে প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্ত, বিজেপি নেতা দিবন ডেকা, পৰীক্ষাৰ দায়িত্বপ্রাপ্ত প্রতিষ্ঠান অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম স্বত্বাধিকাৰী ৰুবুল হাজৰিকাসহ বহুকেইজন দালাল৷ যোৱা ২০ ছেপ্টেম্বৰত প্রশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পাছত চি আই ডি, ক্রাইম ব্রাঞ্চকে ধৰি অসম আৰক্ষীয়ে মুঠ ৫টা গোচৰ ৰুজু কৰিছিল৷ দ্রুতগতিত তদন্ত আগবঢ়াই নি অৱশেষত তদন্তকাৰী সংস্থাই প্রশ্নকাকত দালালৰ হাতত তুলি দিয়া কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ তেওঁ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ৷ বঙাইগাঁও আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰাৰ সময়ৰে পৰা এইগৰাকী আৰক্ষী বিষয়াৰ ধৃত ৰুবুল হাজৰিকাৰ লগত সু–সম্পর্ক আছিল৷ সেইসূত্রে এইবাৰ ৪০ লাখ টকাৰ বিনিময়ত তেওঁ হাজৰিকাক এছ আই পৰীক্ষাৰ প্রশ্ন কাকত বিক্রী কৰিছিল৷

You might also like