নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে বৈকুণ্ঠপুৰীত পৰিণত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ তিনি নদীৰ সংগমস্থলীত থকা ঐতিহাসিক তীৰ্থস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰ ভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে উপস্থিত হৈ বৈকুণ্ঠপুৰীত পৰিণত কৰি তোলে। প্ৰতিগৰাকী ভকত-বৈষ্ণৱে চাকি-বন্তি জ্বলাই আৰু নৈবেদ্য আগবঢ়াই  নাম-প্ৰসংগত বহি নেদেখাজনৰ ওচৰত সেৱা আগবঢ়াই নিজৰ লগতে অসমবাসীৰ মংগল কামনা কৰে।

সেই অনুসৰি পৱিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থা, আঠখেলীয়া শাখা ছাত্ৰ সন্থা আৰু গোলাঘাট জিলা কলিতা ছাত্ৰ সন্থাই বিশুদ্ধ খোৱাপানী আৰু চৰৱত যোগান ধৰি সেৱা আগবঢ়ায়। আজি বিশেষকৈ প্ৰধানমন্ত্ৰী নুমলীগড়লৈ অহাত সকলো গাড়ী ৰিজাৰ্ভ কৰাত অন্য বৰ্ষৰ তুলনাত ভকত-বৈষ্ণৱৰ সমাগম কম দেখা পোৱা বুলি ৰাইজে জানিবলৈ দিয়ে।

প্ৰেৰক পৰাগ বৰুৱা

You might also like