নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৬৪.৪৩ লাখ টকা সুৰা জব্দ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ সমাগত অসম বিধানসভাৰ ‘নির্বাচনী আচৰণবিধি’ বলৱৎ হোৱাৰ পৰা এতিয়ালৈকে অসম আৰক্ষী, ফ্লায়িং স্কোৱাড আৰু আবকাৰী বিভাগৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্রান্তত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সুৰা জব্দ কৰা হৈছে৷ যোৱা ২৬ ফেব্রুৱাৰীত আচৰণবিধি বলৱৎ হোৱাৰ পিছদিনা অর্থাৎ ২৭ ফেব্রুৱাৰীত ২০,৭০,০০০ টকা, ১ মার্চত ৮,৬০৫টকা, ২ মার্চত ৫,৬২,০৯০ টকা আৰু আজি ৩৮,২,৪০০ টকা মিলি মুঠ ৬৪,৪৩,০৯৫ টকা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে জব্দ কৰিছে৷ আনহাতে, আৰক্ষী আৰু আবকাৰী বিভাগে পৃথকে চলোৱা অভিযানত যোৱা ২৬ ফেব্রুৱাৰীত মুঠ ৭,৬৫৯ লিটাৰ, ২৭ ফেব্রুৱাৰীত ১২,৪০২ লিটাৰ, ২৮ ফেব্রুৱাৰীত ১০,০৩২ লিটাৰ, ১ মার্চত ২৭,৩৪৬ লিটাৰ, ২ মার্চত ৩৭,৩৭৮ লিটাৰ আৰু আজি ২৩,৬৮৮ লিটাৰ মিলি মুঠ ১,১৮,৫০৫ লিটাৰ সুৰা জব্দ কৰে৷ এই সুৰাখিনিৰ বজাৰ মূল্য ৫৩,৫৮,৪২৬ টকা৷

আনহাতে নির্বাচনী আচৰণবিধি উলংঘা কৰা বুলি বিশ্বনাথ, ডিব্রুগড, যোৰহাট, কলিয়াবৰ আৰু লখিমপুৰ জিলাৰ পৰা উত্থাপিত পাঁচটা অভিযোগৰ ক্ষেত্রত নির্বাচন বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰিছে৷ হিতাধিকাৰীৰ মাজত সুতাকটাৰ বিতৰণ কৰিব খোজা, ট্ৰাকত কম্বল পৰিবহণ, ৰাজহুৱা স্থানত পোষ্টাৰ লগোৱা, বিবাহ অনুষ্ঠানৰ নামত নিশা ডচ্চ প্রাবল্যৰ সংগীতবজোৱা বিষয়ত ডত্থাপিত অভিযোগৰ ডত্তৰত প্রশাসনে পদক্ষেপ গ্রহণ কৰিছে৷

 বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্যজুৰি নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়তে আজি কার্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে নগদ আঢ়ৈ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷ পুৱা ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন যাত্রীবাহী বাছত অভিযান চলাই নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তর্গত জলাহৰ মইনুল ইছলাম নামৰ লোকজনৰ জিম্মাৰ পৰা নগদ আঢ়ৈ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা ধনখিনি ব্যৱসায়িক কাৰণত অনা হৈছিল বুলি লোকজনে জানিবলৈ দিছে৷ এই সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

You might also like