নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ানক কূটাঘাতৰ পৰা ৰক্ষা ডিফু

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বুধবাৰে বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে ডিফু চহৰ৷ ডিফু ৰে’ল ষ্টেচনত এটা হেণ্ডগ্রেনেড বিস্ফোৰণ ঘটাবলৈ আহিছিল ডিফু ৰে’লৱে কলনীৰ নিৱাসী পিনাক সূত্রধৰ ওৰফে বিজু নামৰ যুৱকজনে৷ আৰক্ষীয়ে এই সন্দর্ভত নিশ্চিত তথ্য লাভ কৰি অভিযান চলাই গ্রেনেডসহ যুৱকজনক ডিফু ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী সূত্র মতে, জিলাখনত ত্রাসৰ সৃষ্টি কৰি থকা ডিএনএ উগ্রপন্থী সংগঠনৰ নির্দেশত এই বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল৷ উল্লেখ্য যে পূর্বে বহুকেইটা অপৰাধজনিত ঘটনাত জডিত আছিল এই যুৱকজন৷ বিশেষ সূত্রই জানিবলৈ দিয়া মতে, যুৱকজনৰ লক্ষ্য আছিল ডিফুত ৰখা ৰে’লৰ যাত্রীৰ মাজত গ্রেনেডটো বিস্ফোৰণ ঘটোৱাৰ৷ ডিমাছা নেচনেল লিবাৰেচন আর্মী নামৰ উগ্রপন্থী সংগঠনটোৱে ডিফু চহৰৰ বিভিন্ন ব্যক্তিক ব্যাপক হাৰত ধন দাবী কৰি আছে৷ ইয়াত সফলতা লাভ নকৰাত এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ কৰাৰ লক্ষ্যৰে  এই বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে৷ আৰক্ষীৰ তৎপৰতাত আজি এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে ডিফু চহৰ৷ সম্প্রতি আৰক্ষীয়ে যুৱকজনক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like