নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৫ বজাত নিৰ্বাচনী প্ৰচাৰ বন্ধৰ নিৰ্দেশ ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়তে ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। এই অনুসৰি ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টিৰ নিৰ্বাচনৰ ক্ষেত্ৰত কাইলৈ সন্ধিয়া ৫ বজাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব। ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। এই কথা এক বিবৃতিযোগে প্ৰকাশ কৰিছে ৰাজ্য়িক মুখ্য নিৰ্বাচনী বিষয়াই। তদুপৰি টেলিভিশ্বন, চিনেমেটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব। ভোট প্ৰদানৰ ক্ষেত্ৰত ভোটাৰসকলে স্বসিদ্ধান্তৰে নিৰ্বাচনত অংশগ্ৰহণৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

You might also like