ভয়ানক দুর্যোগৰ দিশে ৰাজ্যঃ ক’ৰোনাত যুৱতীৰ মৃত্যু, চিকিৎসকো আক্রান্ত
নিয়মীয়া বাৰ্তা, ৮ মে’ : আশংকা কৰাৰ দৰেই ভয়ংকৰ দুর্যোগৰ দিশে গতি কৰিছে অসম৷ মাত্র ২৪ ঘণ্টাৰ ব্যৱধানত ৰাজ্যৰ ৯ জন লোকৰ দেহত ধৰা পৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ উপস্থিতি ৷
বৃহস্পিতবাৰে দিনটোতে গুৱাহাটী আৰু কাছাৰত ৮ জন ব্যক্তিৰ দেহলৈ ক’ভিড–১৯ সংক্রমিত হোৱাটো নিশ্চিত হৈছে৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে এই ৮ ব্যক্তিৰ ভিতৰত ক’ৰোনা আক্রান্ত গুৱাহাটীৰ এগৰাকী ১৬ বছৰীয়া যুৱতীয়ে ইতিমধ্যে আঁকোৱালি লৈছে মৃত্যুক৷
গুৱাহাটীৰ বিৰুবাৰীস্থিত ডাঃ বি বৰুৱা কর্কট প্রতিষ্ঠান কলনীৰ আত্মীয়ৰ ঘৰত থকা যুৱতীগৰাকীৰ মৃত্যুৰ পিছত প্রকাশ পোৱা নমুনাৰ পৰীক্ষাৰ ফলাফলত প্রাণঘাতী ভাইৰাছ পোৱা গৈছে৷ সেইদৰে অসমত প্রথমবাৰলৈ এজন চিকিৎসক সংক্রমিত হৈছে ক’ভিড–১৯ত৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কর্তব্যৰত কর্ণাটকৰ এই চিকিৎসকজনৰ নাম ডাঃ লিটিকেশ বুলি জানিব পৰা গৈছে৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৫ নং পি জি হোষ্টেলৰ বাসিন্দা ডাঃ লিটিকেশে যোৱা ২ মে’ৰ পৰা ক’ভিড–১৯ৰ পৰীক্ষাৰ সৈতে জড়িত আছিল৷ শেহতীয়াকৈ তেওঁ জ্বৰ–কাহত আক্রান্ত হোৱাত নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হৈছিল আৰু ফলাফলত ক’ভিড–১৯ পজিটিভ পোৱা যায়৷
সেইদৰে মহানগৰীৰ চানমাৰিৰ অমিয় নগৰৰ বাসিন্দা সাৰদা দাস নামৰ মহিলাগৰাকীও ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ গুৱাহাটীত ক’ভিড–১৯ পজিটিভ পোৱা আনজন ব্যক্তি হ’ল বাইহাটা–চাংসাৰিৰ মদাৰতলাৰ দেৱৰাজ আচার্য৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিশাৰ ভাগত দুটা পৃথক টুইটযোগে গুৱাহাটী আৰু কাছাৰৰ ৮ জন ব্যক্তি ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত কৰে৷ টুইটত তেওঁ উল্লেখ কৰা মতে, গুৱাহাটীৰ এই ৪ ব্যক্তিৰ ভিতৰত এজন হোম কোৱাৰেণ্টাইনত আছিল আৰু তেওঁ অসমৰ বাহিৰৰ পৰা আহিছিল৷ সেইদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ লিটিকেশ জড়িত আছিল ক’ভিড–১৯ পৰীক্ষাৰ সৈতে৷ কিন্তু ইতিমধ্যে মৃত্যু হোৱা যুৱতীগৰাকী আৰু চানমাৰি অমিয় নগৰৰ সাৰদা দাসৰ দেহলৈ কিদৰে মাৰাত্মক ভাইৰাছ সংক্রমিত হ’ল, তাৰ তথ্য বর্তমানলৈকে পোহৰলৈ অহা নাই৷
ইফালে কাছাৰ জিলাত বৃহস্পিতবাৰে ক’ৰোনাত আক্রান্ত চাৰিওজনেই এটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে৷ তেওঁলোকে বুধবাৰে বাছযোগে আজমীৰ শ্বৰীফৰ পৰা শিলচৰ আইএছবিটিত উপস্থিত হৈছিল৷ এক সূত্রই সদৰী কৰা অনুসৰি কাছাৰৰ ক’ৰোনা আক্রান্ত এই চাৰি ব্যক্তিৰ নাম হ’ল– বেবী বেগম, ছাদিয়া বেগম, চিৰাজুদ্দিন আৰু ৰাজু উদ্দিন৷ তেওঁলোক পেছাদহৰ ৰামনগৰ এলেকাৰ বাসিন্দা৷
উল্লেখ্য যে আজমীৰ শ্বৰীফৰ পৰা বাছেৰে আহি শিলচৰ আইএছবিটিত বুধবাৰে পুৱা উপস্থিত হোৱাৰ পিছতেই যাত্রীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল৷ স্বাস্থ্য পৰীক্ষাৰ সময়ত শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ ঠেলামৰাৰ কোচ গাঁৱৰ বাসিন্দা ম’ষ্ট ৱাণ্টেড গাড়ীচোৰ ফৰিদুল ইছলামৰ সন্দেহবশতঃ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়৷ নিশাৰ ভাগত ফৰিদুল ইছলামৰ নমুনা পৰীক্ষাৰ ফলাফলত পোৱা যায় ক’ভিড–১৯ পজিটিভ৷ আন যাত্রীসকলকো কোৱাৰেণ্টাইনত ৰাখি নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে৷ নমুনাৰ ফলাফল অনুসৰি ইয়াৰে চাৰি যাত্রীৰ দেহলৈ ক’ভিড–১৯ সংক্রমিত হোৱাটো আজি নিশ্চিত হৈছে৷ আজমীৰ শ্বৰীফ ফেৰৎ অন্য যাত্রীও মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ অৱশ্যে এই কথা নিশ্চিত হ’ব তেওঁলোকৰ নমুনা পৰীক্ষাৰ ফলাফলৰ অন্ততহে৷
ইফালে, স্বাস্থ্যমন্ত্রী ড০ শর্মাই দিয়া তথ্য অনুসৰি ৰাজ্যত এতিয়ালৈকে ক’ৰোনা ভাইৰাছত সংক্রমিত লোকৰ মুঠ সংখ্যা হৈছেগৈ ৫৩ জন৷ ইতিপূর্বে ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪ জনক সুস্থ হৈ উঠাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ ৰাজ্যত হঠাতে দ্রুতহাৰত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত স্বাভাৱিকতে সর্বত্র সৃষ্টি হৈছে আতংক৷ বিশেষকৈ মৃত্যুৰ পিছত আজি নমুনাত ক’ভিড–১৯ পজিটিভ পোৱা যুৱতীগৰাকীৰ বিগত সময়ছোৱাত কিমানসংখ্যক ব্যক্তিৰ সংস্পর্শলৈ আহিছিল, সেয়া এই মুহূর্তত যথেষ্ট গুৰুত্বপূর্ণ বিষয়ৰূপে বিবেচিত হৈছে৷ একেদৰে আজমীৰ শ্বৰীফ ফেৰৎ যাত্রীসকলক লৈও সৃষ্টি হৈছে শংকাৰ৷