নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সমাপ্ত। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায় কেবিনেটে। বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।
NHMৰ কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰা হৈছে লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত। নাৱাৰ্ডৰ পৰা ৯১ কোটি টকা ঋণ গ্ৰহণৰ বাবে অনুমোদন।
কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজ আৰু অসম সত্ৰীয়া-সংগীত মহাবিদ্যালয় (যোৰহাট) কলেজ দুখনৰ চৰকাৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ।
চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত কোনো সমস্যা নাথাকিব বুলিও উল্লেখ কৰা হয়। লগতে অসম মালা আঁচনিৰ অধীনত ৰাজ্যৰ সকলো পথ বহল কৰাৰ সিদ্ধান্ত গ্ৰহণ। মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব মাটি।
ৰাজ্যৰ সমাজকল্যাণ বিভাগক দ্বিবিভক্ত কৰি ‘মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়’ আৰু ‘সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়’ গঠনত অনুমোদন কেবিনেটৰ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকৰ পিচতেই সংবাদমাধ্যমক বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে জনায় উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।