নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিমিলা অংকত তিৱা স্বায়ত্ব পৰিষদৰ CEM!

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ নিমিলা অংকত পৰিণত হৈছে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্যৰ আসন।শেহতীয়া পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনত মুঠ ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰতে মিত্ৰদল অগপৰ সৈতে মুঠ ৩৫টা সমষ্টিতে জয় লাভ কৰা পাছতো আজিও চূড়ান্ত কৰিবলৈ সক্ষম হোৱা নাই পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্যৰ প্ৰাৰ্থী। উল্লেখ্য যে, বিজেপিয়ে এনেদৰে প্ৰায় নিৰংকুশ বিজয়ৰ পাছতে লগে লগে দলীয় ভাৱে মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰি পৰিষদখনৰ শপত গ্ৰহণ কৰা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও আজি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ চাৰিদিনৰ পাছতো স্পষ্ট নাই হোৱা ইয়াৰ প্ৰতিচ্ছবি।মনকৰিবলগীয়া যে, পৰিষদখনৰ অন্তৰ্গত ১৯টা সমষ্টি মৰিগাঁও জিলাৰ, ১০ টা সমষ্টি নগাঁও জিলাৰ, এটা সমষ্টি হোজাই জিলা আৰু ৬টা সমষ্টি কামৰূপ মেট্ৰ জিলাৰ যদিও মৰিগাঁও জিলাতে মুখ্যকাৰ্যবাহী সদস্যৰ পদটো ৰাখিব খুজিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে।

কিন্তু সদ্য প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তায়ো পুনৰ পৰিষদ দখলৰ বাবে অংক কৰাত ব্যস্তহৈ পৰিছে। তদুপৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিষদখনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি নিজৰ পছন্দৰ প্ৰাৰ্থীক চি ই এম পদত বহুৱাবলৈ বিচাৰিছে যদিও এতিয়াও মিলা নাই বিধায়ক গৰাকীৰ সমীকৰণ। বিশেষ এক খবৰৰ মতে তেতেলীয়া সমষ্টিৰ নিৰ্বাচিত সদস্য খগেন বৰদলৈ আৰু কোঁৱৰগাঁও সমষ্টিৰ নিৰ্বাচিত সদস্য জীৱন কোঁৱৰ এই দুয়োগৰাকীয়ে বিধায়ক ৰমাকান্ত দেউৰীৰ অতি বিশ্বাসী আৰু ঘনিষ্ঠ হোৱাৰ বাবে ইয়াৰে এজনক চি ই এম হিচাপে বিচাৰিছে দেউৰীয়ে। ইয়াৰ লগতে মন্ত্ৰী পিযুষ হাজৰিকাৰ জাগীৰোড বিধানসভা সমষ্টিৰ নখোলা পৰিষদীয় সমষ্টিৰ বিজয়ী সদস্য তথা জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী বৰদলৈক একাংশই চি ই এম হোৱাটো বিচাৰিছে। অন্যহাতে উক্ত চি ই এম পদকলৈ বিভিন্ন পক্ষৰ মাজত টনা-আঁজোৰা চলি থকাৰ সময়তে নগাঁও জিলাৰ ২৪নং জোঙালবলহু সমষ্টিৰ বিজয়ী প্ৰাৰ্থী প্ৰণৱজ্যোতি মছৰঙকে চি ই এম হিচাপে দাবী কৰিছে জিলাখনৰ ভোটাৰে।

কিন্তু এক বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে বিধায়ক দেউৰীয়ে নিজৰ হাতৰ পৰা উক্ত গুৰুত্বপূৰ্ণ পদটো কোনো কাৰণতে আনৰ হাতলৈ এৰি দিব নুখুজি গোপনে প্ৰস্তুত কৰিছে চি ই এমৰ প্ৰাৰ্থী ! মাথোঁ অপেক্ষা কৰিছে দলীয় উৰ্ধতন কৰ্তপক্ষৰ সেউজ সংকেটলৈ। উল্লেখ্য যে,বৰ্তমান শিলচৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক চলি থকাৰ পৰিপ্ৰেক্ষিত্বত আৰু ৰাজ্যিক সভাপতি গৰাকীৰ ব্যস্ত থকাৰ বাবে এই সন্দৰ্ভত আলোচনা চূড়ান্ত হোৱা নাই বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি অহা ২৭ ডিচেম্বৰৰ ভিতৰত এই আলোচনা চূড়ান্ত হ’ব আৰু চলিত বৰ্ষতে পৰিষদে শপত গ্ৰহণ কৰি কাৰ্যভাৰ গ্ৰহণ কৰিব।

You might also like