নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত শিক্ষাৰ্থীৰ বিশেষ বজাৰে দৃষ্টি কাঢ়িছে ৰাইজৰ

শ্রেণী কোঠাত শিক্ষা গ্ৰহণৰ পৰিৱৰ্তে ব্যৱসায়ত ব্যস্ত শিক্ষার্থী!

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : বিক্রেতাৰ ৰূপত এখন প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়ত শনিবাৰে পুৱাই দেখা গ’ল এক ব্যতিক্ৰমী পৰিৱেশ।শ্রেণী কোঠাত শিক্ষা গ্ৰহণৰ পৰিৱৰ্তে ব্যৱসায়ত ব্যস্ত বিদ্যালয়খনৰ শিক্ষার্থী।বিদ্যালয়ৰ সাজেৰেই সন্মুখত বিভিন্ন সামগ্রী লৈ বিক্ৰী কৰাত ব্যস্ত শিশু শিক্ষাৰ্থীসকল। কোনোৱে বিক্ৰী কৰিছে ফল-মূল, কোনোৱে বিক্ৰী কৰিছে শাক-পাচলি,কাপোৰ,বাচন-বৰ্তন।ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত জিয়ামৰিয়া গাঁৱত অৱস্থিত ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত আজি এই ব্যতিক্রমী দৃশ্য পৰিলক্ষিত হয়।বিদ্যালয়খনৰ অনুষ্ঠিত হৈ থকা সপ্তদশ বাৰ্ষিক অধিবেশনৰ উপলক্ষে বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাবিকাসকলৰ সহযোগত বিদ্যালয়ৰখনৰ চৌহদত পুৱা অনুষ্ঠিত কৰা হয় এই বিশেষ বজাৰখন।স্থানীয় ৰাইজ, অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষক সমাজৰ উপস্থিতিতিত বজাৰখন উদ্বোধন কৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হেমন্ত কুমাৰ বৰুৱাই।বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক কণ কণ ছাত্ৰ-ছাত্ৰী সকলে সুলভ মূল্যত বিক্ৰী কৰে নিজা বাৰীত উৎপাদিত শাক-পাচলি,ফলমূল।বিক্ৰী কৰিলে ঘৰুৱা সামগ্ৰীৰ লগতে পিঠা-পনা,গামোচা আদি। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ণৰ সমান্তৰালকৈ নিজৰ দক্ষতা বিকাশৰ যোগেদি কেনেকৈ স্ব-নিৰ্ভৰশীল হ’ব পাৰি আৰু বজাৰত এগৰাকী বিক্ৰেতাই কি দৰে সামগ্ৰী বিক্ৰী কৰে, ঘৰ এখনত কোনো সামগ্ৰী ৰাহি কৰি সেয়া বজাৰলৈ বিক্ৰীৰ বাবে নিয়া আদি বিষয় ছাত্র-ছাত্ৰীসকলক অৱগত কৰোৱাই আজিৰ এই বজাৰ অনুষ্ঠিত কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে বজাৰখনৰ পৰা সামগ্ৰী ক্ৰয় কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে।পুথিগত শিক্ষাৰ লগতে ব্যৱসায়িক দিশৰ সৈতেও ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে গ্ৰহণ কৰা এনে পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like