নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে বাকী থকা টেষ্টত খেলিব আকাশদীপে!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন টেষ্ট। ৰাজকোটত দুয়োটা দল মুখামুখি হ’ব। বৰ্তমান টেষ্ট শৃংখলাটো ১-১ত ড্ৰ হৈ আছে। হায়দৰাবাদ টেষ্টত ইংলেণ্ডে ভাৰতক পৰাস্ত কৰিছিল। ইয়াৰ পিছত টীম ইণ্ডিয়াই বিশাখাপট্টনমত ইংৰাজ বাহিনীক পৰাস্ত কৰে। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে বাকী থকা ৩খন টেষ্ট মেচত আকাশদীপক টীম ইণ্ডিয়াত খেলাৰ সুযোগ দিয়া হব বুলি চৰ্চা চলিছে। অৰ্থাৎ ইংলেণ্ডৰ বিৰুদ্ধে বাকী ৩খন টেষ্ট মেচত টীম ইণ্ডিয়াত খেলিব আকাশদীপে। আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ উপৰি আকাশদীপে ঘৰুৱা ক্ৰিকেটত ৰেষ্ট অৱ ইণ্ডিয়া আৰু বংগক প্ৰতিনিধিত্ব কৰি আহিছে। পৰিসংখ্যা অনুসৰি আকাশদীপে ৩.০৪ আৰু গড় ২৩.১৮ ইকনমিৰে ২৯খন প্ৰথম শ্ৰেণীৰ মেচত ১০৩টা উইকেট দখল কৰিছে। ৪বাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে এই যুৱ বলাৰগৰাকীয়ে। আনহাতে এখন মেচত ১০টা উইকেট লোৱাৰ কৃতিত্ব মাত্ৰ এবাৰহে কৰা হৈছে। ইয়াৰ উপৰি আকাশদীপে ২৮খন লিষ্ট-এ মেচ খেলিছে। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে আকাশ দীপে প্লেইং এলেভেনত স্থান দখল কৰিবলৈ সক্ষম হয় নে নহয় সেয়া চাবলৈ আগ্ৰহী হ’ব?

You might also like