নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ

গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী দেইথৰত শিক্ষক সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কন্যাসম এগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ অনুসৰি, মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ ওপৰত দীৰ্ঘদিন ধৰি মানসিক হেঁচা আৰু যৌন আতিশয্য চলাই আহিছিল অধ্যক্ষগৰাকীয়ে। ঘটনাৰ বিষয়ে ছাত্ৰীগৰাকীয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে ভুক্তভোগীৰ পৰিয়ালে দেইথৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰি লৱণঘাট অঞ্চলৰ পৰা অভিযুক্ত অধ্যক্ষ ড° বৰাক আটক কৰে। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, অঞ্চলটোত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত তেওঁক দেইথৰ থানালৈ অনাৰ পৰিবৰ্তে অধ্যক্ষজনক পোনে পোনে ডিফুলৈ লৈ যোৱা হয়। পিছত প’কচো (POCSO) আইনৰ অধীনত তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়।

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পিছতে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহাবিদ্যালয়ৰ বাকী শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু স্থানীয় ৰাইজে ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে।ঘটনাটোক কেন্দ্ৰ কৰি দেইথৰৰ লগতে কাষৰীয়া অঞ্চলসমুহতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিয়মীয়া বাৰ্তা, মৰঙি, ৯ মে’

You might also like