নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২২ মে’ : চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কাজলগাঁও বজাৰস্থিত ফুংবিলি চুইট ষ্টলৰ স্বত্বাধিকাৰী তথা বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বসুমতাৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কাজলগাঁৱৰ সমীপৱৰ্তী ছয়খন শিক্ষানুষ্ঠানৰ বিদ্যালয় ভিত্তিত শ্ৰেষ্ঠ তিনিটা স্থান দখল কৰিবলৈ সক্ষম হোৱা মুঠ ২০গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ১০,০০০ টকাৰ এককালীন আৰ্থিক অনুদান প্ৰদান কৰে। কাজলগাঁও হাইস্কুলৰ প্ৰথম, দ্বিতীয় আৰু যুটীয়াভাৱে তৃতীয় স্থান দখল কৰা প্ৰিত্যয়কা বসুমতাৰী, সৰবী বসুমতাৰী, বিক্ৰম বসুমতাৰী আৰু জ্যোতি শৰ্মা; উপেন্দ্ৰ নেচনেল একাডেমীৰ দিদৌম ব্ৰহ্ম, সঞ্জনা নাৰ্জাৰী, বিশাল বসুমতাৰী আৰু বৃন্দ ব্ৰহ্ম; বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ দীপক ৰাভা, ইফটিকাৰ হুছেইন, দীপাংকৰ ঘোষ; ঢালিগাঁও হাইস্কুলৰ নয়ন ৰায়, আব্দুৰ ৰহিম আৰু দীপাঞ্জলি হাজং; পি এম শ্ৰী সুভাইঝাৰ হাইস্কুলৰ গৌমৌতাও বসুমতাৰী, ৰিতুৰাজ নাৰ্জাৰী, ধনঞ্জয় ৰায়; বিলাসপুৰ মানছুৰীয়া হাইস্কুলৰ উম্মা ছালেমা, মণিৰাম আহমেদ আৰু ইনজামুল শ্বেখক আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত ১০,০০০ টকাকৈ এককালিন আৰ্থিক অনুদান প্ৰদান কৰে। ইয়াৰ উপৰি বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বসুমতাৰী আৰু তেওঁৰ পৰিয়ালবৰ্গই ছাত্ৰ-ছাত্ৰীসকলক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে কাজলগাঁও হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ অন্য ১৩গৰাকী ছাত্ৰ-ছাত্ৰীক ৫০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। কাজলগাঁও বজাৰ সামূহিক প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলো উপস্থিত থাকে। গোসাঁইগাঁও বি এড কলেজৰ অধ্যক্ষ তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক ড৹ অজিত বড়ো, চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল সিং ব্ৰহ্মই আজিৰ অনুষ্ঠানত ক্ৰমে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উদগনিমূলক ভাষণ প্ৰদান কৰে। মুখ্য অতিথি আৰু বিশিষ্ট অতিথিসকলে শৈশৱত আৰ্থিক দুৰৱস্থাৰ বাবে শিক্ষাগ্ৰহণত বহু বাধাৰ সন্মুখীন হোৱা প্ৰদীপ বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক দিশত কিছু সকাহ দিবলৈ  আৰু উৎসাহিত কৰিবলৈ লোৱা পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰে। প্ৰদীপ বসুমতাৰীয়ে জানিবলৈ দিয়ে যে দ্বিতীয়বাৰলৈ হাতত লোৱা এই পদক্ষেপ তেওঁ অব্যাহত ৰাখিবলৈ ইচ্ছুক। তাৰ বাবে তেওঁ ভগৱানৰ লগতে ৰাইজৰ আশীৰ্বাদ কামনা কৰে। আজিৰ অনুষ্ঠানত কাজলগাঁও ইউ এন ব্ৰহ্ম কলেজৰ অধ্যক্ষ নীল পদ্মিনী ৰাভা, কোকৰাঝাৰ বি এড কলেজৰ প্ৰবক্তা ৰঞ্জিত নাৰ্জাৰী, চিৰাং জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰশান্ত ইছোৱাৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি আৰু শিক্ষাবিদসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like