নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ক’ভিডত আক্রান্ত ২৫৯, মৃত্যু ১১জনৰ

ক্রমাৎ ৰাজ্যত হ্রাস পাইছে ক’ৰোনাৰ সংক্রমণ

নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ দেওবাৰে নতুনকৈ ২৫৯জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৯১জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি যোৰহাটৰ ২১, শোণিতপুৰৰ ২০ আৰু লখিমপুৰৰ ১৫জন লোক আক্রান্ত হৈছে৷ আজি মুঠ ৩১,৯০৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮১ শতাংশ৷ ক’ভিডত দেওবাৰে প্রাণ হেৰুৱাইছে ১১জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত গোলাঘাট, যোৰহাট, নগাঁৱৰ ২জনকৈ লোক৷ তদুপৰি বাক্সা, চিৰাং, কামৰূপ মহানগৰ, শিৱসাগৰ আৰু শোণিতপুৰৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷

ক’ভিডৰ পৰা সুস্থ হৈছে ৪৫৯জন লোক৷ বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪,৩৫৫জন৷ আনহাতে ৰাজ্যত অব্যাহত আছে ক’ভিড ভেকচিন প্রদান প্রক্রিয়া৷ ইতিমধ্যে ভেকচিন প্রদান কৰা লোকৰ সংখ্যাই ২ কোটিৰ ঘৰ অতিক্রম কৰিছে৷ আজিপর্যন্ত ৰাজ্যৰ মুঠ ২,০১,৪৮,৫৩৭জন লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ১,৬৪,৪৮,৮১৪জনে প্রথম পালি আৰু ৩৬,৯৯,৭২৩জন লোকে দুয়োপালি ভেকচিন লাভ কৰিছে৷

উল্লেখ্য যে ভ্রাম্যমাণ ক’ভিড প্রতিষেধক প্রদানকাৰী বাহনৰ জৰিয়তে গাঁৱে গাঁৱে গৈ ১৮ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ কাইলৈ উজনি অসমৰ তিনিখন জিলা ক্রমে মাজুলী, শিৱসাগৰ আৰু যোৰহাটৰ বাবে ভ্রাম্যমাণ ক’ভিড প্রতিষেধক প্রদানকাৰী বাহন মুকলি কৰিব৷ ১৫খন ভ্রাম্যমাণ ক’ভিড ভেকচিন প্রদানকাৰী বাহনৰ ফ্লেগ অফ কৰিব স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ইতিমধ্যে বাক্সা, কোকৰাঝাৰ আৰু বজালীৰ বাবে ১৫খন ক’ভিড ভেকচিন প্রদানকাৰী বাহনৰ সেৱা মুকলি কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like