নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী অধীক্ষক পার্থসাৰথি মহন্তক ডিআইজিলৈ পদোন্নতি

নিয়মীয়া বাৰ্তা,  ২ জানুৱাৰীঃ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ বিষয়া পার্থসাৰথি মহন্তক অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক (ডি আই জি) হিচাপে পদোন্নতি দিয়া হৈছে৷ একে সময়তে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত (প্রশাসন, সুৰক্ষা আৰু চোৰাংচোৱা, ট্রেফিক) হিচাপে নিযুক্তি দিয়া হৈছে অভিজিৎ বৰাক৷ অৱশ্যে বর্তমানৰ গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত (অপৰাধ আৰু আইন–শৃংখলা) দেৱৰাজ উপাধ্যায়ক একেটা পদতে কার্যনির্বাহ কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷

আনহাতে, আবুধাবিৰ ভাৰতৰ উচ্চায়ুক্তৰ সচিব সুনীল কুমাৰকো ডি আই জি হিচাপে পদোন্নতি দিয়া হৈছে৷ ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবে এই নতুন নির্দেশনা জাৰি কৰিছে৷ ইফালে, কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ এছ ডি পি অ’ সিদ্ধার্থ বুঢ়াগোহাঁইক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ গোলাঘাটৰ ধনশিৰিৰ সৰুপথাৰৰ এছ ডি পি অ’ পংকজ যাদৱক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মাইবঙৰ এছ ডি পি অ’ পুষ্কিন জৈনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷

বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লমহাও ডাউংগেলক অসম আৰক্ষীৰ মুখ্য কার্যালয়ত নিযুক্তি দিয়া হৈছে৷ কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাপে নিযুক্তি দিয়া হৈছে৷ নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক অসম আৰক্ষীৰ মুখ্য কার্যালয়ত নিযুক্তি দিয়া হৈছে৷ বিআইই’ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান কে ভি সিং ডি’ক বি আই ই অ’ আৰু প্রজিকিউচনৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান হিচাপে নিযুক্তি দিয়া হৈছে৷

আনহাতে, ডিব্রুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাক যোৰহাটৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে, গুৱাহাটীৰ এ ডি চি পি শুভ্রজ্যোতি বৰুৱাক চৰাইখোলাৰ সপ্তম এপিবিএনৰ কমাণ্ডেণ্ট হিচাপে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাক খজুৱাইবিল তৃতীয় এ পি টি এফ বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে৷ একে সময়তে চৰাইখোলাৰ সপ্তম এ পি বি এন কমাণ্ডেণ্ট মনমোহন বড়োক বি আই ই অ’ৰ এছ পি, বঢ়মপুৰৰ নৱম এ পি বি এনৰ কমাণ্ডেণ্ট হিতেশ চন্দ্র ৰায়ক কামৰূপ জিলাৰ এছ পি হিচাপে, সহকাৰী আই জি পি ধর্মেন্দ্র কুমাৰ দাসক গুৱাহাটীৰ ডি চি পি হিচাপে আৰু লীনা দলেক বিশেষ শাখাৰ এছ পি হিচাপে নিযুক্তি দিয়া হৈছিল৷

You might also like