নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ অংকতে কংগ্রেছে ৰেহাই দিব মাইক্র’ফাইনেন্সৰ ঋণ

মাইক্র’ফোনত ভাহিল গৌৰৱৰ কাণত ৰিপুণ বৰাৰ ফুচফুচনি

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  ২০২১ৰ নির্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ আশ্বাস–প্রতিশ্রুতিৰ জোৱাৰ উঠিছে৷ শেহতীয়াকৈ অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিলে নিবনুৱালৈ আর্থিক সাহায্য প্রদান কৰিব বুলি কৰা ঘোষণাৰ পাছতে এইবাৰ ছল চাই চাপৰি বজোৱা কংগ্রেছে ক্ষমতালৈ আহিলে দুখীয়া পৰিয়াললৈ ৭,৫০০ টকাকৈ আর্থিক সাহায্য প্রদান কৰিব বুলি ঘোষণা কৰিছে৷ নতুন বর্ষৰ প্রথম দিনটোত ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰাৰ পূর্বে কাষতে বহি থকা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ কাণে কাণে ফুচফুচাই কোৱা কেইটামান বাক্যতেই স্বৰূপ প্রকট হ’ল প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ৷ একমাত্র ৰাজনীতিৰ নামতেই যে প্রদেশ কংগ্রেছৰ সভাপতিজনে নৱবর্ষৰ প্রথমটো দিনতে কেতবোৰ ঘোষণা কৰিলে সেই কথাও ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গমেই পোৱা নাছিল যে সেই সময়ত তেওঁৰ সন্মুখত থকা মাইক্র’ফোনটো অন হৈ আছিল৷ সাংসদ গৌৰৱ গগৈক তেতিয়াই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কাণে কাণে মৃদু স্বৰত ক’লে– ‘গৌৰৱ, যি হয় হ’ব পাছত, পলিটিক্স ইজ পলিটিক্স, আমি আজি কেইটামান এনাউন্সমেণ্ট কৰি দিওঁ৷ লোন ৱেইভ৷ পাছত যি হয় দেখা যাব৷ মাইক্র’ফাইনেন্সৰ লোন ৱেইভ৷ ন্যায় আঁচনি আমি ইমপ্লিমেণ্ট কৰিম বুলি কৈ দিম৷ মই দিল্লীত চালো খবৰ কৰি, ১২০ ইউনিট ইলেকট্রিচিটী বিল আমি এগ্জামছন কৰি দিম৷ তাৰ ওপৰৰবিলাক পেমেণ্ট কৰিব লাগিব৷ এতিয়া কৈ দিওঁ পিছত যি হয় দেখা যাব৷ পলিটিক্স ইজ পলিটিক্স৷’ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ এই কথা শুনি তেওঁৰ ঘোষণা যে পর্বতত কাছ কণী বিচৰাৰ দৰে সেই কথা লগে লগে বুজি উঠিছিল দুর্গাদাস বড়োৱে৷ সেয়েহে দুর্গাদাস বড়োৱে এইবাৰ প্রদেশ কংগ্রেছৰ সভাপতিজনক উদ্দেশ্যি ক’লে– ‘মাইক্র’ফাইনেন্সৰ লোন, ইজ ইট পচিব’ল৷’ লগে লগে সাংসদ গৌৰৱ গগৈয়ে ৰিপুণ বৰাক দেখুৱাই কয়– ‘পচিব’লটো এওঁৰ ওপৰত এৰি দিয়ক৷ এওঁ ষ্টাডি কৰি আহিছে৷’ ইয়াৰ পিছত উপস্থিত সাংবাদিকসকলৰ বুজিবলৈ বাকী নাছিল যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই নৱবর্ষৰ প্রথমটো দিনতে কৰিবলগীয়া ঘোষণাৰ জৰিয়তে একমাত্র ৰাজনীতিহে কৰিব বিচাৰিছে৷

ইফালে ইয়াৰ পাছত আৰম্ভ হোৱা সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে কংগ্রেছ দল ক্ষমতালৈ আহিলে প্রথমে ৰাজ্যৰ ৫টা প্রধান সমস্যা সমাধানত সর্বাধিক অগ্রাধিকাৰ দিব৷ ইতিমধ্যে এই সন্দর্ভত কেইবাগৰাকীও বিশিষ্ট অর্থনীতিবিদৰ পৰামর্শ গ্রহণ কৰি ইয়াৰ বাবে প্রস্তুত কৰি তুলিছে পৰিকল্পনা৷ সেই অনুসৰি অহা নির্বাচনক লক্ষ্য কৰি বিৰোধী দলটোৱে আজি কেতবোৰ প্রতিশ্রুতি তথা পৰিকল্পনাৰ কথা ঘোষণা কৰে৷ সংবাদ মেলত ৰিপুণ বৰাই কয়– কংগ্রেছে চৰকাৰ গঠন কৰিলে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালে এই আর্থিক সাহায্যৰ অংশীদাৰ হ’ব৷ ৰাজীৱ গান্ধী ন্যায় আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়াললৈ ৭,৫০০ টকাৰ আর্থিক সাহায্যৰ সমান্তৰালকৈ ১২০ ইউনিটলৈ বিনামূলীয়া কৰা হ’ব বিদ্যুৎ৷ তদুপৰি নিবনুৱাসকলক সকাহ দিয়াৰ বাবে ৰাজ্যৰ প্রতিটো পৰিয়ালক নূ্যনতম এটাকৈ চাকৰি প্রদান কৰিব৷ এয়া চৰকাৰীয়ে হওক অথবা বেচৰকাৰীয়েই হওক৷ ৰিপুণ বৰাৰ মতে, ৰাজ্যত বর্তমানে খালী হৈ আছে এক লাখ তৃতীয় আৰু চতুর্থবর্গৰ পদ৷ সেয়াই নহয়, ২০২১ চনত চৰকাৰ গঠন কৰিলে কংগ্রেছে মাইক্র’ফাইনেন্সৰ জৰিয়তে অসমৰ মহিলাসকলে লোৱা ঋণ সম্পূর্ণৰূপে মাফ কৰিব৷ তদুপৰি আন কংগ্রেছশাসিত ৰাজ্যসমূহৰ লেখীয়াকৈ ৰাজ্যত কৃষি ঋণ মাফ কৰা হ’ব৷ ইফালে ৰাজ্যত বিজেপিয়ে ডিভাইড এণ্ড ৰুল পলিচীৰে সমাজক বিভক্ত কৰা বুলি অভিযোগ তোলে সভাপতি ৰিপুণ বৰাই৷ তেওঁ কয় যে বিজেপিয়ে ব্রিটিছৰ ডিভাইড এণ্ড ৰুল পলিচী গ্রহণ কৰি সমাজখনক ভাগ ভাগ কৰিব বিচাৰিছে৷ আনহাতে, বিজেপিত যোগদান কৰা প্রাক্তন মন্ত্রী অজন্তা নেওগক তীব্র সমালোচনা কৰি ৰিপুণ বৰাই কয় যে অজন্তা নেওগে কংগ্রেছত থাকিয়েই বিজেপিলৈ যোৱাৰ পথ সুগম কৰাত ব্যস্ত আছিল৷ তেওঁ বিজেপিত যাব বুলি অভিযোগ উঠাৰ পাছতো কংগ্রেছে তেওঁৰ ওপৰত আস্থা ৰাখি বিষয়টো সন্দর্ভত স্পষ্ট কৰিবলৈ বহু সুযোগ দিছিল৷ ইফালে পিতৃৰ বিয়োগৰ পাছত ৰাজনৈতিক ক্ষেত্রত সক্রিয় হৈ পৰা সাংসদ গৌৰৱ গগৈয়ে কয় যে অজন্তা নেওগৰ বিজেপি গমনে উজনি অসমত কংগ্রেছৰ কোনো ক্ষতি নকৰে৷

You might also like