নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্য সচিবলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ অসমত সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ প্রাসংগিকতা ক্রমশঃ হ্রাস পালেও উচ্চতম ন্যায়ালয়ত আজি বিষয়টো পুনৰ উত্থাপিত হয়৷ বৰাক উপত্যকাৰ আব্দুল ছেলিম লস্কৰে দাখিল কৰা এখন লেখ আবেদনৰ (৭৭৪/২০২০) শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামা সুব্রমনিয়ানেৰে গঠিত খণ্ড বিচাৰপীঠে সমষ্টি পুনৰ নির্ধাৰণ আয়োগ, কেন্দ্রীয় আইন মন্ত্রালয় আৰু অসমৰ মুখ্য সচিবলৈ জাননী জাৰি কৰে৷ ন্যায়ালয়ত আব্দুল ছেলিম লস্কৰৰ আবেদন– চৰকাৰৰ হাতত ২০১১ চনৰ লোকপিয়ল আছেই৷ ২০২১ চনৰ লোকপিয়ল সম্পন্ন কৰিবলৈ আৰু বেছি দিন নাই৷ সেয়েহে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণ কৰাৰ কোনো যুক্তি নাই৷ লস্কৰে আজি উচ্চতম ন্যায়ালয়ত অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডত চলি থকা সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াত স্থগিতাদেশ জাৰি কৰাৰ আবেদন জনায়৷ পিছে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে স্থগিতাদেশ জাৰি কৰাৰ পৰিৱর্তে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰি সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াক প্রত্যাহ্বান জনোৱা জনৈক ব্রেলিথামাৰাকৰ মূল গোচৰৰ (৪৫৪/২০২০) সৈতে সন্নিৱিষ্ট কৰি দিয়ে৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে যোৱা বছৰৰ ২ নৱেম্বৰত গ্রহণ কৰা শুনানিত উচ্চতম ন্যায়ালয়ে সমগ্র বিষয়টোত কেন্দ্রীয় চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দুই সপ্তাহৰ সময় বান্ধি দিছিল৷ বাৰম্বাৰ জাননী জাৰি কৰা সত্ত্বেও কেন্দ্রীয় চৰকাৰে কোনো উত্তৰ নিদিয়াত ক্ষুব্ধ মুখ্য ন্যায়াধীশ বিচাৰপীঠে সিদিনা একপক্ষীয়ভাৱে ৰায়দান কৰাৰো ভাবুকি প্রদান কৰিছিল৷ উক্ত শুনানিৰ আঁত ধৰি কাছাৰৰ আব্দুল ছেলিম লস্কৰে আজি গোচৰটোত একপক্ষীয় ৰায়দানৰ আবেদন জনায় যদিও ন্যায়ালয়ে পুনৰ জাননী জাৰি কৰে৷

You might also like