নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতে হাতে লাঠী লৈ কংগ্রেছীক আক্রমণ কংগ্রেছীৰ

মোৰাঝাৰত ৰণাংগণত পৰিণত কংগ্রেছৰ সভাঃ দুই ফৈদৰ মাজত প্রচণ্ড মাৰপিট

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ মোৰাঝাৰ বজাৰত বিন্নাকান্দি ব্লক কংগ্রেছ কমিটীৰ উদ্যোগত আজি বিয়লিৰ ভাগত অনুষ্ঠিত কংগ্রেছৰ ৰাজহুৱা সভাত সাংসদ প্রদ্যুৎ বৰদলৈৰ উপস্থিতিত প্রচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়৷ আজি দিনৰ দুই বজাত ডবকা বুঢ়ীগংগাৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰি সাংসদ প্রদ্যুৎ বৰদলৈয়ে মোৰাঝাৰ বজাৰত অনুষ্ঠিত দলীয় সভাখনত যোগদান কৰে৷ সভাৰ আদৰণী অনুষ্ঠান চলি থকাৰ সময়তেই সাংসদগৰাকীৰ সন্মুখতে যমুনামুখ সমষ্টিৰ কংগ্রেছৰ দুই ফৈদৰ মাজত সংঘটিত হয় প্রচণ্ড মাৰপিটৰ ঘটনা৷ হাতে হাতে লাঠী লৈ দুই ফৈদৰ কংগ্রেছীয়ে পৰস্পৰক আক্রমণ কৰে৷ একাংশই মুষ্টিযুদ্ধত লিপ্ত হোৱাৰ লগতে চকীৰেও আক্রমণ কৰে৷ এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো সামান্যভাৱে আঘাতপ্রাপ্ত হয়৷ উল্লেখ্য যে বিগত পঞ্চায়ত নির্বাচনৰ পাছৰে পৰা যমুনামুখ কংগ্রেছৰ দলীয় কর্মী দুই ফৈদৰ মাজত সংঘাত সৃষ্টি হৈ আহিছে৷ বিগত পঞ্চায়ত নির্বাচনত যমুনামুখ সমষ্টিৰ চাৰিওখন জিলা পৰিষদত কংগ্রেছৰ প্রার্থী জয়ী হৈছিল আৰু নৱগঠিত হোজাই জিলা পৰিষদৰ সভানেত্রী হৈছিল মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা৷ কংগ্রেছে দখল কৰা হোজাই জিলা পৰিষদ গঠনৰ মাত্র ছমাহ সম্পূর্ণ নৌহওঁতেই বিন্নাকান্দি ব্লক কংগ্রেছৰ প্রাক্তন সভাপতি ৰেহানউদ্দিনৰ ঘনিষ্ঠ সম্পর্ক থকা ডবকা আৰু নীলবাগান জিলা পৰিষদৰ সদস্য দুজনে বিজেপিত যোগদান কৰাত কংগ্রেছৰ দখলত থকা হোজাই জিলা পৰিষদখন ভংগ হয় আৰু বিজেপিয়ে হোজাই জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পাছতে ৰেহানউদ্দিনক ব্লক কংগ্রেছৰ সভাপতি পদৰ পৰাও বর্খাস্ত কৰিছিল কংগ্রেছৰ ৰাজ্যিক নেতৃত্বই৷ কিন্তু আজি বিন্নাকান্দি ব্লক কংগ্রেছৰ প্রাক্তন সভাপতি ৰেহানউদ্দিনক সভাত ভাষণ দিবলৈ ওলোৱাৰ সময়ত মোৰাঝাৰ আৰু চৌধুৰী বজাৰ জিলা পৰিষদ এলেকাৰ কংগ্রেছ কর্মীসকলে ৰেহানউদ্দিন মুর্দাবাদ, বিজেপিৰ এজেণ্ট ৰেহানউদ্দিন গ’ বেক আদি শ্লোগান দি ৰেহানউদ্দিনৰ হাতৰ পৰা মাইক্র’ফোন কাঢ়ি নিয়াৰ ফলত উত্তাল পৰিৱেশ সৃষ্টি হয় সভাস্থলীত৷ লগে লাগে দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট সংঘটিত হয়৷ লণ্ডভণ্ড হৈ পৰা সভাস্থলীত কর্মীসকলৰ ৰুদ্রমূর্তি দেখি লগে লগে সভাস্থলীৰ পৰা মনে মনে প্রস্থান কৰে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা আৰু চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য কামালউদ্দিনে সাংবাদিকৰ আগত এইদৰে কয়– বিন্নাকান্দি ব্লক কংগ্রেছৰ প্রাক্তন সভাপতি ৰেহানউদ্দিন বিজেপিৰ এজেণ্ট৷ তেওঁ বিজেপিৰ হৈ কাম কৰি আছে৷ৰেহানউদ্দিনৰ নেতৃত্বত দুজন জিলা পৰিষদৰ সদস্যই বিজেপিত যোগদান কৰিছে৷ আনহাতে, প্রাক্তন ব্লক কংগ্রেছৰ সভাপতি তথা প্রদেশ কংগ্রেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰেহানউদ্দিনে প্রতিক্রিয়া প্রকাশ কৰি কয় যে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ একাংশ ‘চামচা’, এজন মন্ত্রীৰ দালাল আৰু একাংশ ৰাজনৈতিক দলৰ এটা চক্রই এই অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিলে৷ মোৰাঝাৰবাসীৰ প্রবল দাবীত আজি মোৰাঝাৰত এই দলীয় সভা অনুষ্ঠিত কৰা হৈছিল৷ এই দুষ্টচক্রটোৱে সভাখন বানচাল কৰাৰ লগতে সাংসদগৰাকীক আজি অপমান কৰিলে বুলি অভিযোগ কৰিছে ৰেহানউদ্দিনে৷ বাতৰি লিখাৰ পৰলৈকে চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ ঘটনা সংক্রান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like