ভাৰতীয় সেনাত সুদীৰ্ঘ ২৮ বছৰ চাকৰি কৰাৰ পাছত আব্দুল হালিমলৈ সন্দেহযুক্ত নাগৰিকৰ জাননী
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰী : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সৰুসৰিদ গাঁৱৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা আব্দুল হালিমৰ নামত বৰপেটা বিদেশী ন্যায়াধিকৰণ পৰা সন্দেহযুক্ত নাগৰিকৰ জাননী অহাত হতভম্ব হৈ পৰিছে আব্দুল হালিমৰ লগতে হালিমৰ পৰিয়াল আৰু গাওঁবাসী। ১৯৯২ চনত ভাৰতীয় সেনাত যোগদান কৰি ২৮ বছৰ ভাৰত মাতৃক সেৱা আগবঢ়োৱা আব্দুল হালিমে ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধতো অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। ২০০৩ চনৰ বৰপেটা সীমান্ত আৰক্ষীৰ এক গোচৰৰ ভিত্তিত বৰপেটা বিদেশী ন্যায়াধিকৰণে আব্দুল হালিমক নিজকে ভাৰতীয় প্ৰমাণ কৰিবলৈ জাননী প্ৰেৰণ কৰা বুলি কয় হালিমে। প্ৰথমাৱস্থাত বিদেশী ন্যায়াধিকৰণৰ সদস্যই বিচৰা ধৰণে যাৱতীয় নথি-পত্ৰ দাখিল কৰে যদিও ইটোৰ পিছত সিটো নথি বিচাৰি অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা আব্দুল হালিমক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে। আব্দুল হালিম যদি সন্দেহযুক্ত নাগৰিক হয় তেন্তে ভাৰতীয় সেনাত ১৯৯২ চনত নিযুক্তি পালে কেনেকৈ বুলি হালিমে প্ৰশ্ন তুলিছে। এইক্ষেত্ৰত ৰহস্যজনক ভাৱে আব্দুল হালিমক সংবাদ মাধ্যমৰ কাষ চাপিবলৈ মানা কৰে বৰপেটা বিদেশী ন্যায়াধিকৰণে। আব্দুল হালিমে নিজক ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ দ্বিতীয়বাৰ বিদেশী ন্যায়াধিকৰণৰ ওচৰত নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, আব্দুল হালিমে জুনিয়ৰ কমিচনাৰ অফিচাৰ হৈ অৱসৰ লয়।
মফিদুল ইছলাম,কলগাছিয়া ।