নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰন্ধনকৰ্মীৰ উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: বিভিন্ন দাবী ৰূপায়নৰ দাবীত আজি ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে এক উত্তাল প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰে। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদ কাৰ্য্যসূচীত প্ৰতিবাদকাৰীসকলে চহৰখনৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ ৰাজপথ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলা পোৱা যায়। নিয়মীয়াকৈ মাননি আদায় দিয়া , সকলো বকেয়া মাননি মাঘ বিহুৰ আগতে আদায় দিয়া, বছৰটোৰ ১২ মাহৰ বাবে মাননী আদায় দিয়া, নুন্যতম মজুৰিৰ ভিত্তিত ৰন্ধন কৰ্মীক ৭২০০ টকা অতিৰিক্ত মাননি দিয়া , কার্যকাল সমাপ্তিৰ পাছত ৩ লাখ টকা প্ৰদান, আঁচনিৰ ব্যক্তিগতকৰণ অভিযান বন্ধ কৰাৰ দাৱীত আজিৰ এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়িত কৰে তেওঁলোকে। অন্তত তেওঁলোকৰ দাৱী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যিক ন’ডেল বিষয়ালৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like