নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ অকাল মৃত্যু

🔹 গৃহভূমি ঢকুৱাখনাত শোকৰ ছাঁ : দল-সংগঠনৰ শোক

নিয়মীয়া বাৰ্তা,  ২২ মাৰ্চ : লখিমপুৰৰ কণানদীত বৃহস্পতিবাৰে নিশা সংঘটিত এটি ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱায় সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে। জাতীয় স্বাভিমান আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ সম্ভাৱনাপূৰ্ণ ছাত্ৰ নেতাজনৰ অকাল বিয়োগত গৃহভূমি ঢকুৱাখনাৰ সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে। ঢকুৱাখনাৰ সামাজিক, সাংস্কৃতিক সামগ্ৰিক ক্ষেত্ৰত আজীৱন সংপৃক্ত হৈ থাকি লখিমপুৰ জিলাৰ বিভিন্ন সমস্যাত সততে মাত মাতি বলিষ্ঠভাৱে নেতৃত্ব দি আৰ্তজনৰ ওচৰত থিয় হোৱা ছাত্ৰ নেতাগৰাকীৰ মৃত্যুত ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মীৰ লগতে গভীৰ শোক প্ৰকাশ কৰে ঢকুৱাখনাৰ বিভিন্ন দল-সংগঠনে। আজি বিয়লি ২.২৪ বজাত লখিমপুৰৰ পৰা এখন পুষ্পসজ্জিত বাহনত ছাত্ৰ সন্থাৰ অগণন কৰ্মীয়ে সমদল কৰি লৈ আহে ছাত্ৰ নেতাজনৰ নশ্বৰদেহ গৃহভূমি ঢকুৱাখনালৈ। ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ ভৱন প্ৰাংগণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে। ইয়াতেই ঢকুৱাখনাৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱাই ছাত্র নেতাজনৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নেতাজনৰ অকাল বিয়োগত ঢকুৱাখনা নগৰৰ ব্যৱসায়ীসকলে দুপৰীয়া ১২বজাৰ পৰা দুঘন্টাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি গগৈলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী আপোচবিহীন ছাত্ৰ শক্তি হিচাপে সৰ্বপৰিচিত স্বৰাজ শংকৰ গগৈয়ে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপেও ছাত্ৰ সংগঠনটোক অন্যন্য গতিশীলতা প্ৰদান কৰি গৈছে। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, প্ৰেছ গীল্ড ঢকুৱাখনাৰ সম্পাদক পুলকজ্যোতি বৰা, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক অতুল চুতীয়া, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা, ফাটবিহু সমিতি, আঞ্চলিক ছাত্ৰ সন্থা, ঢকুৱাখনা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঢকুৱাখনা সমিতি, ঢকুৱাখনা ব্যৱসায় সন্থা, ঢকুৱাখনা মহকুমা মহিলা সমিতি, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল আদিকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like