নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ শুভাৰম্ভণি

বিশেষ বাৰ্তা, ২২ মাৰ্চ : অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে নগাঁৱত অনুষ্ঠিত হোৱা শুভাৰম্ভণী অনুষ্ঠানৰ আজি দ্বিতীয় দিনা পুৱা ৫০খন পতাকা উত্তোলন কৰা হয়। মূল পতাকা উত্তোলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়ে ৷ নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠ প্ৰাংগণত আয়োজন কৰা এই অনুষ্ঠানৰ আজি দিনৰ ১১.৪৫ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাৰ পূৰ্বে পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ কৰে অসম বাৰ্তাজীৱী সংঘৰ উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মাই৷ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ আঁত ধৰা কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, কবি ড° শৰৎ বৰকটকীয়ে কয়- সাংবাদিকসকল হৈছে ইতিহাসৰ পৃষ্ঠা লিখা একো একোজন লেখক ৷

সাংবাদিকসকলে লিখা একো একোটা লেখাৰ পৰাই বুৰঞ্জী হয় ৷ একেদৰে প্ৰতিদিনৰ বতৰৰ পৰা যিদৰে জলবায়ুৰ সৃষ্টি হয়, ঠিক সেইদৰে সাংবাদিকসকলে লিখা ঘটনাসমূহৰ পৰাও বুৰঞ্জী সৃষ্টি হয় বুলি অভিমত ব্যক্ত কৰাৰ লগতে একালৰ সাংবাদিক বৰকটকীয়ে সাংবাদিকৰ চিন্তাৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰি সাংবাদিকসকলে চিন্তাৰ স্বাধীনতাক সঠিকভাৱে আগুৱাই নিছে নে নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত  পাৰ্থদেৱ গোস্বামী, বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সচিব বিশ্বজিত দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই যোগদান কৰা অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ভাস্কৰজ্যোতি মেধিৰ শলাগৰ শৰাইৰে সামৰণি পৰে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like