নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : কাছাৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। কাছাৰ আৰক্ষীয়ে গোপনে তথ্য লাভ কৰাৰ পিছত সোমবাৰে বিয়লি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ বাশকান্দি এলেকাত অভিযান চলাই বিপুল পৰিমাণৰ নিচা জাতীয় য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। লক্ষীপুৰ এছডিপিঅ দীনেশ কুমাৰৰ লগতে বাশকান্দি আৰক্ষী চকীৰ বিষয়া নফিছুৰ ৰহমান আৰু অন্যান্য আৰক্ষী জোৱানে টেবলেটসমূহ সৰবৰাহৰ সময়তে বাশকান্দিৰ নাজিমুদ্দিন (৩৮) আব্দুল ৰাজাকক (৪০) আটক কৰে। নাছিমুদ্দিনে আব্দুল ৰাজাকক টেবলেটখিনি হস্তান্তৰ কৰাৰ সময়তে দুয়োকে হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । এই দুই অভিযুক্তৰ পৰা ৫৪০০০ হাজাৰ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে এই কথা জনাইছে। তেওঁ কয়, দুই অভিযুক্তৰ পৰা প্রায় দহ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰা হৈছে। তদুপৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
প্ৰেৰক গৌতম তালুকদাৰ