নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ মহেশ্বৰ হাজৰিকা-ড০মালিনী গোস্বামীক কৈলাশ নাথ শর্মা সোঁৱৰণী সাহিত্য বঁটা প্রদান

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ জ্ঞান–প্রজ্ঞাৰ সাধনাৰ বীজ যেতিয়া এটা পৰিয়ালত প্রৱাহিত হয়, সেই পৰিয়ালত সৃষ্টি হয় অলেখ জ্ঞানৰ৷ –এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি শিক্ষামন্ত্রী ডাঃ পেগুৱে কবি–সাহিত্যিক, গীতিকাৰ কৈলাশ নাথ শর্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সাহিত্য বঁটা প্রদান কৰে৷ অনুষ্ঠানত দিয়া ভাষণ প্রসংগত তেওঁ কয় যে মুখেৰে শিক্ষা প্রদানৰ যি প্রক্রিয়া তাতকৈ কর্মৰ দ্বাৰা যে অধিক জ্ঞান দিব পাৰি, সেয়া প্রতিষ্ঠা কৰি গৈছে কবি–সাহিত্যিক প্রয়াত কৈলাশ নাথ শর্মাই৷ এগৰাকী প্রচাৰবিমুখ ব্যক্তি হিচাপে তেওঁ নীৰৱে কৰি গৈছিল সাধনা৷ সেই সাধনাৰ ফল এতিয়া আমি লাভ কৰিছোঁ৷ যিহেতু প্রচাৰবিমুখ আছিল, সেয়েহে কৈলাশ নাথ শর্মা সম্পর্কে সবিশেষ জানিবলৈ কিছু চেষ্টা কৰোঁতে মই জ্ঞাত হ’লোঁ যে তেওঁৰ পিতৃ ব্রজনাথ শর্মাও আছিল নীৰৱ সাধক৷ বিদ্যালয় প্রতিষ্ঠা কৰা বা আনক শিক্ষা দিয়াৰ কামত তেওঁ আছিল অধিক আগৰণুৱা৷ শিক্ষাৰ দিশৰ পৰা উচ্চ গৰাকী নোহোৱা ব্রজনাথ শর্মাৰ সেই জ্ঞান–প্রজ্ঞাৰ সাধনাৰ বীজ প্রৱাহিত হৈছিল কৈলাশ নাথ শর্মালৈ আৰু পৰৱর্তী সময়ত তেওঁৰ উত্তৰাধিকাৰীসকললৈ৷ সেই বিশ্লেষণৰ এতিয়া আৰু প্রয়োজন নাই, যি কথা সকলোৰে জ্ঞাত৷ উল্লেখ্য যে আজি অখিল ভাৰতীয় সাহিত্য পৰিষদে সাহিত্যিক–গীতিকাৰ কৈলাশ নাথ শর্মাৰ সোঁৱৰণীত ২০২০ বর্ষৰ বাবে বিশিষ্ট সংস্কৃত পণ্ডিত, অধ্যাপক, গৱেষক ড০ মহেশ্বৰ হাজৰিকা আৰু ২০২২ বর্ষৰ বাবে বিশিষ্ট গৱেষক, সাহিত্যিক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ মালিনী গোস্বামীলৈ আগবঢ়ায় সাহিত্য বঁটা৷ এই উপলক্ষে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি, সু–সাহিত্যিক মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত দুয়োগৰাকী গৱেষক–সংস্কৃত পণ্ডিতক বঁটা প্রদান কৰে শিক্ষামন্ত্রী ডাঃ পেগুৱে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– অখিল ভাৰতীয় সাহিত্য পৰিষদে কৈলাশ নাথ শর্মাৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপনৰ সমান্তৰালকৈ দুগৰাকীকৈ সংস্কৃত পণ্ডিত তথা গৱেষকক বঁটা প্রদানৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰাটো যথেষ্ট প্রশংসনীয়৷ কিয়নো যান্ত্রিক জীৱনত এনেদৰে দুগৰাকী গৱেষকক বঁটা প্রদান কৰাটো যিমান সহজ, তেওঁলোকক বঁটা প্রদানৰ বাবে যথেষ্টসংখ্যক লোক সমৱেত হোৱাটো কিছু কঠিন৷ তাৰ মাজতে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ এই প্রচেষ্টা যথেষ্ট প্রশংসনীয় তথা অনুপ্রেৰণাৰ অংশ৷ পৃথিৱীত এতিয়া বিভিন্ন অংশত সাহিত্য চর্চা অথবা গৱেষণা চলি আছে৷ সেয়া আমাৰ দেশৰ বিভিন্ন বিশ্ববিদ্যালয় হওক, লণ্ডনেই হওক অথবা কলা–শিল্পৰ কেন্দ্র ফ্রান্সেই হওক, মূল কথাটো হ’ল যিসকলে শিল্প–কলা, সাহিত্য–সংস্কৃতি সৃষ্টি কৰি আহিছে, সেই লোকসকলক যদি আমি সময়ত প্রশংসিত কৰিব নোৱাৰোঁ, তেওঁলোকৰ সৃষ্টিক আমি আগুৱাই যোৱাত সহায় কৰিব নোৱাৰোঁ, তেওঁলোক কিছু থমকি ৰ’ব লগা হয়৷ যি সময়তে তেওঁলোক থমকি ৰয়, তেতিয়াই অসম হিচাপে বা একোটা অঞ্চল হিচাপে আমিও বৌদ্ধিক দিশত পিছুৱাই যাওঁ৷ কেৱল আন্তঃগাঁথনি উন্নয়নে এখন সমাজৰ বাবে যথেষ্ট নহয়৷ অখিল ভাৰতীয় সাহিত্য পৰিষদে আজি দুগৰাকীকৈ গৱেষকক বঁটা প্রদানেৰে তথা ইয়াত উপস্থিত হৈ সকলোৱে যি ধৰণে ড০ মহেশ্বৰ হাজৰিকা আৰু ড০ মালিনী গোস্বামীলৈ অনুপ্রেৰণা তথা অৱদান আগবঢ়ালে, সেয়াও যথেষ্ট প্রশংসনীয়৷ উল্লেখ্য যে আজি বঁটা লাভ কৰা অধ্যাপক ড০ মহেশ্বৰ হাজৰিকা হৈছে ডিব্রুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক তথা নগাঁও মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ প্রাক্তন অধ্যাপক৷ বিশিষ্ট গৱেষকগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত সংস্কৃত বিভাগৰ পৰা দ্য প্লেচ অৱ আছাম ইন সংস্কৃত লিটাৰেচাৰঃ এ ষ্টাডী বিষয়ত গৱেষণা কৰি পি এইচ ডি লাভ কৰিছে৷ অধ্যাপক হাজৰিকাই অসমীয়া–সংস্কৃত আৰু ইংৰাজী ভাষাত শতাধিক প্রবন্ধ, গৱেষণা–পত্র, গীত, কবিতা আদি ৰচনাৰে ভাৰতীয় পাঠক সমাজত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ শ্রীমন্ত শংকৰদেৱৰ ৰাস সম্পর্কীয় এটা তুলনাত্মক অধ্যয়ন ৰাসত্রয়ী (১৯৯৩) গ্রন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ দুর্গাধৰ বৰকটকী গৱেষণা বঁটাৰে সন্মানিত হয়৷ আনহাতে আজি বঁটা লাভ কৰা ড০ মালিনী গোস্বামী হ’ল অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক৷ ড০ গোস্বামী ডিব্রুগড় বিশ্ববিদ্যালয়, ত্রিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়, মহীশূৰত কেন্দ্রীয় ভাৰতীয় ভাষা প্রতিষ্ঠান, উত্তৰ–পূব পার্বত্য বিশ্ববিদ্যালয়, আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি সংস্থা, সাহিত্য অকাডেমি, অসম সাহিত্য সভা আদি কৰি বিভিন্ন অনুষ্ঠানত উল্লেখযোগ্য শৈক্ষিক আৰু প্রশাসনিক অৱদান আগবঢ়াই গৈছে৷ ১৯৭২ চনত বন্ধন নামৰ গল্পৰ বাবে অসম সাহিত্য সভাৰ যোৰহাট শাখাৰ পৰা চেমনীয়া সাহিত্য পুৰস্কাৰ লাভ কৰে৷ ড০ মালিনী গোস্বামীৰ ইংৰাজী আৰু অসমীয়া ভাষাত ৩২খন মননশীল গ্রন্থ ইতিমধ্যে প্রকাশ পাইছে৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্রৰ মেৰিলেন বিশ্ববিদ্যালয়, থাইলেণ্ডৰ ছিল্পাকর্ণ বিশ্ববিদ্যালয়, ইণ্ডোনেছিয়াৰ বালিৰ উদয়ন বিশ্ববিদ্যালয়কে ধৰি দেশৰ কেইবাখনো বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্রীয় ভাষণ প্রদান কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে৷ তেওঁৰ ইংৰাজী, সংস্কৃত আৰু তামিল ভাষাৰ পৰা অনুবাদ কৰা পাঁচখন গ্রন্থও প্রকাশ পাইছে৷ আজিৰ অনুষ্ঠানত স্মাৰক বত্তৃণতা প্রদান কৰে ড০ শ্রুতিধৰা চক্রৱর্ত্তীয়ে৷ অনুষ্ঠানত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মুখ্য উপদেষ্টা হীৰেন শর্মাই অনুপ্রেৰণামূলক ভাষণ প্রদান কৰে৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি কনক চন্দ্র শর্মা, ড০ দয়ানন্দ পাঠক, ড০ দিলীপ কলিতা, থানেশ্বৰ মালাকাৰ, অধ্যাপক ভৱানীপ্রসাদ অধিকাৰী আৰু বহু সাগিত্যপ্রেমী উপস্থিত থাকে৷ আনহাতে শলাগ জ্ঞাপন কৰে পৰিষদৰ সচিবপ্রধান ড০ প্রণতি তালুকদাৰ মুদিয়াৰে৷

You might also like