নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত উজলিল বড়ো চলচ্চিত্র ছিজৌ

গ’ল্ডেন স্পেৰো আন্তর্জাতিক ছবি মহোৎসৱত আঁজুৰিলে ৪টা বঁটা

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ তামিলনাডুত অনুষ্ঠিত গ’ল্ডেন স্পেৰো ইণ্টাৰনেচনেল চলচ্চিত্র মহোৎসৱৰবাবে অসম সন্তান ভিশাল পি চলিহাই পৰিচালনা আৰু ৰচনা কৰা বডো চলচ্চিত্র ‘ছিজৌ’য়ে চাৰিটাকৈ বঁটা বুটলিবলৈ সক্ষম হৈছে৷ ছবিখনে ভাৰতীয় ফিচাৰ ফিল্ম কেটেগৰীত বিচাৰকৰ বিশেষ ছবি বঁটা লাভ কৰাৰ উপৰি পৰিচালক চলিহাই শ্রেষ্ঠ পৰিচালক বঁটা, শ্রেষ্ঠ নতুন ছবি নির্মাতা বঁটা আৰু ভাৰতীয় ফিচাৰ ফিল্ম শিতানত শ্রেষ্ঠ স্ক্রীন প্লে লেখক বঁটা লাভ কৰে৷ উল্লেখ্য যে এই চলচ্চিত্র মহোৎসৱত এনেদৰে চাৰিটাকৈ বঁটা আঁজুৰি অনা ‘ছিজৌ’য়েই হ’ল উত্তৰ–পূর্বাঞ্চলৰ একমাত্র ছবি৷ উল্লেখ্য যে ছিজৌ নামৰ এটা অতি তীখৰ বুদ্ধিসম্পন্ন ল’ৰাৰ কাহিনী অৱতাৰণা কৰা হৈছে, যি ভূটান সীমান্তৰ নিকটৱর্তী ছৈখোংগুৰি গাঁৱত বাস কৰে আৰু লগৰীয়াৰ সৈতে অতি অদ্ভুত কামবোৰ কৰি সময় কটায়৷ এদিন এই ছিজৌৱেই ভূটানত ১৯৫৮ চনত প্রচলিত ফিউডেল ভূ–আইন পদ্ধতিৰ বলি হয় আৰু জীৱনটোৰ নাটকীয় পৰিৱর্তনটি এজন সাধুলৈ পৰিৱর্তিত হ’বলগীয়া হয়৷ অৰুণাচল প্রদেশ, মানস ৰাষ্ট্রীয় উদ্যান আৰু বাক্সাৰ ছৈখোংগুৰি গাঁৱৰ বিভিন্ন অঞ্চলত চিত্রগ্রহণ কৰা ছবিখনৰ চিনেমাটোগ্রাফী আশুতোষ কাশ্যপ, ছাউণ্ড ডিজাইনীং দেৱজিৎ চাংমাই আৰু সংগীত ধ্রুৱজ্যোতি পাটগিৰিৰ৷ ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত ছবি নির্মাতা প্রিয়ম খেৰকাটাৰী চলিহা আৰু ওমপ্রকাশ খেৰকাটাৰীৰ প্রযোজনাত নির্মিত ছবিখনৰ কলা পৰিচালনা জ্যোতি শংকৰ ভট্টাচার্যৰ৷ ছবিখন চলিত বছৰৰ শেষৰফালে মুুক্তি পাব৷ ছবিখনৰ পৰিচালক ভিশাল পি চলিহাই এয়া খুবেই আনন্দৰ বার্তা বুলি মন্তব্য কৰে৷

You might also like