নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি জীৱনৰ অন্তিম দিনা শিক্ষানুষ্ঠানলৈ গ্ৰন্থদান মানৱদৰদী শিক্ষক কুমুদ কলিতাৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ “মোৰ জীৱনৰ প্ৰথম পচন্দ হৈছে গ্ৰন্থ৷ কাৰণ একো একোখন গ্ৰন্থই এটা জাতিক সমৃদ্ধিশালী কৰাত সহায় কৰে৷ যি জাতিয়ে পলমকৈ গ্ৰন্থৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, সেই জাতি বহু দুৰ পিছুৱাই যায় আৰু যি জাতিয়ে গ্ৰন্থৰ প্ৰয়োজনীয়তা অনুভৱ কৰি গ্ৰন্থক আকোঁৱালি লব পাৰিছে সেই জাতি অতি সোনকালে সমৃদ্ধিশালী হব পাৰিছে৷” এই গুৰুত্বপূৰ্ণ মন্তব্য মানৱদৰদী সমাজকৰ্মী তথা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তথা পাঠশালা তপোৱনৰ সঞ্চালক কুমুদ কলিতাৰ৷ এই পৃথিৱীত যাৰ কোনো নাই, যি পিতৃ-মাতৃ, আত্মীয়ৰ পৰা অবহেলিত তথা বিশেষভাৱে সক্ষম শিশু, তেওঁলোকক এখন ঘৰ সাজি দি ব্যৱহাৰিক জীৱনৰ আদিপাঠ শিকোৱাৰ লগতে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি মানৱতাৰ ধ্বজা বহন কৰি অহা পাঠশালাৰ বিশেষভাৱে সক্ষম শিশুসকলৰ আৱাসিক শিক্ষানুষ্ঠান “পাঠশালা তপোবন”ৰ সঞ্চালক তথা পাঠশালা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্নাতকোত্তৰ শিক্ষক কুমুদ কলিতাই জীৱনৰ ষাঠিটা বসন্ত গৰকাৰ ক্ষণত আজি শিক্ষানুষ্ঠানখনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে৷ ভিৰৰ মাজতো আনে নভবা- নকৰা বহু কাম হাতে কামে লাগি অকলশৰে কৰি অহা ব্যতিক্ৰমী চিন্তাৰ শিক্ষকগৰাকীয়ে নিজৰ চাকৰি জীৱনৰ অৱসৰৰ দিনাও কৰিলে এক ব্যতিক্ৰমী প্ৰসংশনীয় কাম৷ আজি কুমুদ কলিতাই নিজৰ অৱসৰৰ দিনাখন তেওঁৰ দৰমহাৰ ধন খৰচ কৰি নিজে শিক্ষকতা কৰি অহা শিক্ষানুষ্ঠানখনলৈ প্ৰায় ডেৰ লক্ষ টকাৰ বিভিন্ন মূল্যবান গ্ৰন্থ উপহাৰ দিয়ে তেওঁ শিক্ষকতা কৰা পাঠশালা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত৷ আজি নিজৰ আনুষ্ঠানিক চাকৰি জীৱনৰ অন্তিম দিনটো চিৰস্মৰণীয় কৰি ৰাখিবলৈ প্ৰায় ডেৰ লক্ষ টকাৰ বিভিন্ন মূল্যবান গ্ৰন্থ আৰু সেই গ্ৰন্থসমূহ সংৰক্ষিত কৰি ৰখাৰ বাবে দুটাকৈ আলমিৰা, এটা দেৱাল ঘড়ী আৰু এটি গ্লোভ প্ৰদান কৰি কলিতাই কয়, “মই আশাকৰো এই মুল্যবান গ্ৰন্থকেইখনে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক যথেষ্ট উপকৃত কৰিব৷” পাঠশালা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ সনাতন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ কৰুণা মোহন শৰ্মাই কয় যে এগৰাকী শিক্ষক হোৱাটো সহজ৷ কিন্তু এগৰাকী ভাল শিক্ষক হোৱা মুঠেও সহজ নহয়৷ আৰু কুমুদ কলিতা প্ৰকৃতাৰ্থত এগৰাকী ভাল শিক্ষক আছিল, ভাল শিক্ষক হয়৷ ড৹ শৰ্মাই কয় যে মানৱদৰদী কুমুদ কলিতাই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন সমৃদ্ধিশালী কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সচাকৈয়ে অতুলনীয়৷ তেওঁ এফালে নিজ হাতে গঢ়া অনুষ্ঠান “পাঠশালা তপোবন”ৰ জৰিয়তে অনাথ তথা শাৰীৰিকভাৱে অক্ষম শিশুসকলক তুলিতালি ডাঙৰ দীঘল কৰিছে, আনফালে তেওঁ শিক্ষকতা কৰা বিদ্যালয়খনত চাকৰিকালৰ শেষৰ দিনটোত ডেৰ লক্ষ টকাৰ গ্ৰন্থ উপহাৰ দি এক বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে৷ সময়ে আমাৰ জীৱনক বহু দি যায় আৰু বহু লৈ যায়৷ কিন্ত কলিতাই যি দি গল সেয়া সদায়ে স্মৰনীয় হৈ ৰব৷ তেওঁৰ এই নিস্বাৰ্থ প্ৰয়াসক আমি আদৰণি জনাইছো বুলি ড৹ শৰ্মাই কলিতাৰ মহানুভৱতাৰ শলাগ লয়৷ অনুষ্ঠানত উপস্থিত থাকি বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে শিক্ষক কুমুদ কলিতাৰ মহানুভৱতা আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত তথা অনাথ শিশুসকলৰ আশ্ৰয় গৃহ পাঠশালা তপোবনৰ কথা ব্যক্ত কৰি কলিতাৰ দীৰ্ঘায়ু কামনা কৰে৷ অনুষ্ঠান অসম সৌৰভ তথা বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়, বিশিষ্ট পৰিৱেশকৰ্মী তথা গ্ৰীণ মিছনৰ সঞ্চালক আনন্দ খাটনিয়াৰ, বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ হোমেশ্বৰ চৌধুৰী আদিয়ে উপস্থিত থাকি কুমুদ কলিতাৰ এনেকুৱা মহৎ প্ৰচেষ্টাৰ বাবে তেওঁক বিশেষভাৱে শলাগ জ্ঞাপন কৰে৷ উল্লেখ্য যে যোৱা বৰ্ষৰ শিক্ষক দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ পৰা কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বটাঁৰে সন্মানিত কলিতাই আজি শিক্ষানুষ্ঠানখনত এখন সভাৰ জৰিয়তে আলমিৰাসহ গ্ৰন্থসমুহ প্ৰদান কৰি সকলো চাকৰিয়ালকে নিজৰ চাকৰিকালৰ অৱসৰৰ দিনা তেওঁ ইমান দিনে কাম কৰি অহা অনুষ্ঠানটোৰ বাবে সাধ্যানুযায়ী কিবা হলেও কৰিবলৈ আহ্বান জনায়৷ ইপিনে পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতাই ১৯৮৪ চনত স্থাপন হোৱা পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ৩৬ বছৰ শিক্ষকতা কৰাৰ পিছত আজি আনুষ্ঠানিক অৱসৰৰ দিন আছিল যদিও ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পোৱাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁৰ চাকৰি কাল আজিৰ পৰা পুনৰ দুবছৰলৈ বৃদ্ধি কৰা হৈছে৷ আজিৰ এই গ্ৰন্থ প্ৰদান অনুষ্ঠানটোত কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি কুমুদ কলিতাৰ এই মহান কাৰ্যৰ শলাগ লয়৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like