ঈদৰ আনন্দ-উল্লাসৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বালাজানত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। ৰীল বনাবলৈ গৈ বালাজান অঞ্চলৰ এখন নৱনির্মিত অভাৰব্ৰীজৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় এজন কিশোৰ। বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কিশোৰজন ভাৰত-বাংলাদেশ সীমান্তৰ বেৰভাঙী প্ৰথম খণ্ড গাঁৱৰ এমদাদ হুছেইন বেপাৰী বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২১ মাৰ্চ :