নিয়মীয়া বাৰ্তা, ২৪ মে’ : ৰঙিয়াত সাৰ্বজনীন মনোকামনা মন্দিৰৰ শিলান্যাস। ৰঙিয়া নগৰৰ সৰস্বতী কলনিত নিৰ্মাণ হব লগীয়া মনোকামনা মন্দিৰৰ মাংগলিক কাৰ্যসূচীৰে শিলান্যাস কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। কলকাতাৰ দক্ষিণেশ্বৰ কালি মন্দিৰৰ আৰ্হিত এই মনোকামনা মন্দিৰটো নিৰ্মাণ কৰা হব। ধৰ্মপ্ৰাণ ৰাইজৰ বহু আকাংক্ষিত এই মন্দিৰটো এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হব বুলি উদ্যোক্তাই জনায়। ভবেশ কলিতাই বিধায়ক পুঁজিৰ পৰা মন্দিৰটো নিৰ্মানৰ বাবে ১০ লাখ টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। মন্দিৰৰ শিলান্যাস উপলক্ষে আয়োজিত অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে।
প্ৰেৰক ফাৰুক হুছেইন