নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নয়দাৰ শ্বপিং মলত ভয়ংকৰ অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ১৩ জুলাইঃ নয়ডাৰ এটা শ্বপিং মলত অগ্নিকাণ্ড। জুইৰ আশংকাত শ্বপিং মলৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই পৰে কেইবাজনো লোক। আৰক্ষীৰ সূত্ৰ অনুসৰি আজি বিয়লি পশ্চিম বৃহত্তৰ নয়দাৰ বিষ্ৰাখ থানাৰ এভিনিউ ১নং গৌৰ চিটি ১ শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে শ্বপিং মলত থকা ৰাইজৰ মাজত আতংক বিয়পি পৰে। এই পৰিস্থিতিত জীয়াই থকাৰ স্বাৰ্থত শ্বপিং মলৰ ভিতৰত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। ইয়াৰে কিছুমান শ্বপিং মলৰ চতুৰ্থ মহলাত ওলমি থকা দেখা গৈছে। প্ৰাণ ৰক্ষা কৰিবলৈ জঁপিয়ায়। এই ঘটনাত কিমান লোক আহত হৈছে বা কোনো লোকৰ মৃত্যু হৈছে নেকি সেই বিষয়ে স্পষ্ট কৰা নাই আৰক্ষীয়ে। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ কাম কৰি আছে। প্ৰথম অৱস্থাত অগ্নিনিৰ্বাপক বাহিনীৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ মতে, শ্বপিং মলৰ পৰা মানুহক উদ্ধাৰৰ কাম চলি আছে। নিৰাপদে অনাৰ কাম আৰম্ভ হৈছে। কিমানজন লোক আহত হৈছে সেয়া স্পষ্ট হোৱা নাই।

You might also like