নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ এছডিঅ’ক দলবদ্ধ আক্ৰমণ : গৌৰীপুৰত ভয়ানক ঘটনা

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ কালি বিয়লিৰ ফালে ধুবুৰী জিলাৰ গৌৰীপুৰৰ থানাৰ অন্তৰ্গত দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এপিডিচিএলৰ এগৰাকী এছডিঅ’সহ বিভাগটোৰ দুগৰাকৈ দৈনিক হাজিৰাৰ শ্ৰমিক দূৰ্বৃত্তৰ প্ৰহাৰত গুৰুতৰ আহত হ’বলগীয়া হোৱাৰ এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, নিয়ম বহিৰ্ভূতভাৱে হুকিং কৰি পানীৰ পাম্প চলাই থকা বুলি পোৱা এক তথ্যৰ ভিত্তিত, এপিডিচিএলৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এচডিঅ’ মঞ্জুৰুল হ’কে কালি ধুবুৰীৰ গৌৰীপুৰৰ দুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এক অভিযান চলাইছিল। দুগৰাকী দৈনিক হাজিৰাৰ শ্ৰমিক মফিদুল হ’ক আৰু ৰফিকুল হ’কক লগত লৈ এচডিঅ’ গৰাকীয়ে চলোৱা সেই অভিযানত অঞ্চলটোৰ আশ্ৰাফ আলীৰ গৃহত হুকিং কৰি মটৰ চলোৱাৰ বিষয়টো উন্মোচিত হৈছিল। অভিযোগ অনুসৰি, এচডিঅ’ মঞ্জুৰুল হ’কে আলীৰ ওচৰত বিভাগীয় বিদ্যুৎ বিল বিচৰাৰ পিছত ব্যক্তিজনে এচডিঅ’গৰাকীক গালি-শপনি দিয়াৰ সমান্তৰালকৈ অকষ্মাতে তেওঁৰ হাতৰ মোবাইলটো কাঢ়ি নিয়ে। কালিয়েই এচডিঅ’গৰাকীয়ে ধুবুৰীৰ গৌৰীপুৰ থানাত দাখিল কৰা এজাহাৰখনত আশ্ৰাফ আলীয়ে এপিডিচিএলৰ দলটোক হত্যা কৰিব বুলিও স্পষ্টভাৱে উল্লেখ আছে। এজাহাৰখনত উল্লেখিত অনুসৰি, আশ্ৰাফ আলী, মজিদুৰ শেখ, আফিজুৰ ৰ’হমান, হাফিজুৰ, নিলূ শেখ আৰু অন্যান্যই অকষ্মাতে গাঁওখনত উপস্থিত হোৱা এপিডিচিএলৰ তিনিজনীয়া দলটোক কাঠৰ খৰিৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰিবলৈ লয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত দূৰ্বৃত্তৰ দলটো পলাই যায় আৰু কথমপি গুৰুতৰ আহত অৱস্থাত এপিডিচিএলৰ সেই তিনিজনীয়া দলটোৰ প্ৰাণ ৰক্ষা পৰে। ইপিনে কৰ্মৰত চৰকাৰী কৰ্মচাৰীক এইদৰে মাৰপিট কৰাৰ ঘটনাক লৈ ধুবুৰীৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ দোষী সকলক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী উঠিছে। জানিব পৰা মতে, যোৱাকালিৰ সেই মাৰপিটৰ ঘটনাক সৈতে জড়িত থকা সকলোকে কৰায়ত্ত কৰিবলৈ ধুবুৰী আৰক্ষীৰ কঠোৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত বৰ্তমানলৈ তিনিগৰাকী ব্যক্তিক গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জান। অৱশ্যে যোৱাকালিৰ ঘটনাটোৰ সৈতে জড়িত কেইজনমান মূল অভিযুক্ত এতিয়ালৈ পলাতক অৱস্থাতেই থকা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like