নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেট–ডিএলএড উত্তীর্ণৰ প্রতিবাদত উত্তাল সর্বশিক্ষা

নিয়মীয়া শিক্ষকৰ পদত আবেদনৰ পৰা বঞ্চিত

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ শিক্ষকৰ পদত যোগ্যতা থকা সত্ত্বেও আবেদনৰ পৰা বঞ্চিত হোৱা টেট আৰু ডিএলএড উত্তীর্ণ দুই শতাধিক প্রার্থীৰ প্রতিবাদত আজি উত্তাল হৈ পৰিল কাহিলিপাৰাস্থিত সর্বশিক্ষা অভিযানৰ কার্যালয় চৌহদ৷ ৰাজ্য চৰকাৰ হায় হায়, আমাক সুবিধা দিয়ক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে প্রতিবাদকাৰীসকলে কঁপাই তোলে কাহিলিপাৰাৰ আকাশ–বতাহ৷ ক’ৰোনা মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ কাৰণে ডিএলএডৰ পৰীক্ষা পলমকৈ অনুষ্ঠিত হোৱাত আবেদনৰ পৰা বঞ্চিত হ’ব লগা হৈছিল এই প্রার্থীসকল৷ সেয়েহে তেওঁলোকক শিক্ষকৰ নিয়মীয়া পদৰ বিজ্ঞাপনৰ বাবে অনলাইন আবেদনৰ সুবিধা প্রদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অন্যথা অনির্দিষ্টকালীন ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিব বুলিও প্রতিবাদকাৰী প্রার্থীসকলে হুংকাৰ প্রদান কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা এগৰাকী প্রার্থী পৰাগ কলিতাই কয় যে এছচিইআৰটিৰ অধীনত ডিএলএডৰ পাঠ্যক্রম সম্পূর্ণ কৰা প্রার্থীসকল দ্বিতীয়বাৰৰ বাবে শিক্ষকৰ নিয়মীয়া পদত আবেদন কৰাৰ পৰা বঞ্চিত হ’ল৷ এই প্রসংগত তেওঁ কয়– ‘স্বাভাৱিকতে ডিএলএডৰ শিক্ষাবর্ষত জুন মাহত সমাপ্ত হ’ব লাগিছিল যদিও ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে চূড়ান্ত পৰীক্ষা যোৱা ছেপ্ঢেম্বৰতহে অনুষ্ঠিত হয়৷ যোৱা ৯ অক্টোবৰত ডিএলএডৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হয়৷ কিন্তু ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হোৱা শিক্ষকৰ পদৰ বাবে অনলাইন পঞ্জীয়ন প্রক্রিয়া ১১–২৬ ছেপ্ঢেম্বৰৰ ভিতৰতে সম্পন্ন কৰা হয়৷ যাৰ বাবে চাৰি শতাধিক প্রার্থী টেট উত্তীর্ণ হোৱাৰ লগতে ডিএলএড শিক্ষা গ্রহণ কৰাৰ পিছতো উক্ত পদসমূহত আবেদনৰ পৰা বঞ্চিত হ’ল৷ পূর্বনির্ধাৰিত অনুসৰি ডিএলএডৰ চূড়ান্ত পৰীক্ষা জুনত অনুষ্ঠিত হ’লে আমি নিয়মীয়া শিক্ষকৰ পদত আবেদনৰ পৰা বঞ্চিত হ’বলগীয়া নহ’লহেঁতেন৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই চূড়ান্ত পৰীক্ষাৰ দিন সালসলনি কৰিছিল৷ ইয়াত প্রশিক্ষার্থীসকলৰ কোনো দোষ নাই৷ কিন্তু কি কাৰণত অতি কৌশলগতভাৱে ২৬ ছেপ্ঢেম্বৰত অনলাইন প্রক্রিয়া বন্ধ কৰি দিয়া হ’ল, তাক লৈ আমি অসন্তুষ্ট হৈছোঁ৷ ইতিমধ্যে কেইবাবাৰো সংশ্লিষ্ট কর্তৃপক্ষক দুদিনৰ বাবে হ’লেও অনলাইন আবেদন প্রক্রিয়া মুকলি কৰি দিবলৈ আমি আহ্বান জনাইছিলোঁ৷ কিন্তু সেয়া কার্যকৰী কৰা নহ’ল৷’ ইপিনে, অনলাইন পঞ্জীয়ন প্রক্রিয়া সমাপ্ত হোৱাৰ পিছত শিক্ষকৰ পদ বৃদ্ধি কৰা প্রসংগতো তেওঁ প্রতিক্রিয়া প্রকাশ কৰে৷ এই প্রসংগত কলিতাই সদৰী কৰা অনুসৰি কিমান পদত শিক্ষক নিযুক্তি দিয়া হ’ব, সেয়া নির্ধাৰণ নকৰাকৈয়ে অনলাইন পঞ্জীয়ন প্রক্রিয়া মুকলি কৰা হৈছিল৷ এই প্রক্রিয়া অব্যাহত থকাৰ মাজতে যোৱা ২২ ছেপ্ঢেম্বৰত জিলা ভিত্তিক খালী পদৰ তালিকা প্রকাশ কৰা হ’ল৷ এই তালিকা অনুসৰি পূর্বৰ বিজ্ঞাপনত উল্লেখ কৰাতকৈ ৪,৮৩৯টা পদৰ সংখ্যা বৃদ্ধি কৰা হ’ল৷ সেয়েহে মুঠ ৯,৮৮২টা আবেদনৰ পৰা টেট আৰু ডিএলএড যোগ্যতা থকা সত্ত্বেও মাত্র চাৰি শতাধিক প্রার্থীক কিয় বঞ্চিত কৰা হ’ল বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷ যাৰ বাবে শীঘ্রে প্রার্থীসকলক ন্যায্যতা প্রদান কৰি আবেদনৰ সুবিধা দিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে৷ উল্লেখ্য যে প্রতিবাদী কার্যসূচীৰ অন্তত সর্বশিক্ষা অভিযানৰ উপ–সঞ্চালকে প্রতিবাদকাৰীসকলৰ্ দাবীসম্বলিত স্মাৰক–পত্র গ্রহণ কৰি বিষয়টো বিবেচনা কৰিব বুলিও আশ্বাস প্রদান কৰে৷ অৱশ্যে প্রতিবাদকাৰীসকলে চাৰি–পাঁচ দিনৰ ভিতৰতে এই সন্দর্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অন্যথা তেওঁলোকে ধাৰাবাহিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলি হুংকাৰ দিছে৷ উল্লেখ্য যে নিম্ন প্রাথমিকৰ ৫,৭৪৩টা সহকাৰী শিক্ষক, উচ্চ প্রাথমিকৰ ২,২৬৫টা সহকাৰী শিক্ষক, উচ্চ প্রাথমিকৰ ৪২২টা বিজ্ঞান শিক্ষক, ১,২৪২টা হিন্দী শিক্ষক, ১৮৮টা অসমীয়া বিষয়ৰ শিক্ষক আৰু ২২টা মণিপুৰী শিক্ষক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷
আজাৰাত কেন্দ্রীয় টেট উত্তীর্ণৰ প্রতিবাদ
শিক্ষক পদত আবেদনৰ পৰা বঞ্চিত হোৱা একাংশ কেন্দ্রীয় টেট উত্তীর্ণই আজি প্রতিবাদ সাব্যস্ত কৰে৷ আজাৰাত কেন্দ্রীয় বিদ্যালয়ৰ সমীপত হাতে হাতে প্লেকার্ড, বেনাৰ লৈ তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰে৷ ছেপ্ঢেম্বৰ মাহত প্রকাশ পোৱা শিক্ষক পদৰ বিজ্ঞাপনত কেন্দ্রীয় টেট উত্তীর্ণসকলক আবেদনৰ সুবিধা প্রদান কৰা হোৱা নাছিল৷ যাৰ বাবে তেওঁলোকে ক্ষুণ্ণ হৈ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷

You might also like