নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত প্রথম পর্যায়ত ৫৩% ভোটদান

ক’ৰোনা কালৰ প্রথম বিধানসভা নির্বাচন

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  ক’ৰোনাকালৰ দেশৰ প্রথমটো বিধানসভা নির্বাচন বিহাৰৰ প্রথম পর্যায়ৰ ভোটগ্রহণ বুধবাৰে শান্তিপূর্ণভাৱে সামৰণি পৰে৷ ২৪৩জনীয়া বিধানসভা প্রথম পর্যায়ৰ ৭১খন আসনত বুধবাৰে পুৱাৰে পৰা ভোটগ্রহণ কৰা হয়৷ ক’ভিড–১৯ প্রট’কল সম্পূর্ণৰূপে মানি ৰাজ্যৰ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ দেশৰ মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, বিহাৰৰ ভোটাৰে প্রথম পর্যায়ৰ ভোটগ্রহণত সম্পূর্ণৰূপে ক’ভিড–১৯ নীতি–নির্দেশনা অনুকৰণ কৰে৷ ৭১টা সমষ্টিত ভোটদানৰ হাৰ ৫৩.১১ শতাংশ৷ অৱশ্যে এই ভোটদানৰ হাৰ সামান্য বৃদ্ধি পাব পাৰে৷ চিইচি সুনীল অৰোৰাই প্রকাশ কৰা মতে, নিৰাপদ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগে সকলো পদক্ষেপ গ্রহণ কৰে আৰু ভোটাৰে সেয়া অনুকৰণ কৰে৷ তথ্য মতে পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্রক্রিয়া আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰে৷ ৭১টা বিধানসভা সমষ্টিত ১,০৬৬ প্রার্থীৰ ভাগ্য নির্ণয় কৰে ভোটাৰে৷ ইয়াৰে ভিতৰত জেডিইউৰ ৩৫, বিজেপিৰ ২৯, আৰজেডিৰ ৪২, কংগ্রেছৰ ২১, চিপিআই (এমএল)ৰ ৮, হামৰ ৬, আন দল আৰএলএছপিৰ ৪৩, এলজেপিৰ ৪২ আৰু বিএছপিৰ ২৭জন প্রার্থীৰ ভাগ্য বন্দী হৈছে ইভিএমত৷ উল্লেখ্য যে জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ চতুর্থবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী হ’বলৈ সক্ষম হ’ব নে নহয়, সেয়াও এই প্রথম পর্যায়ৰ ভোটগ্রহণত গুৰুত্ব আছে৷ গুৰুত্বপূর্ণ যে আৰজেডি আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটবন্ধনৰ সৈতে শাসকীয় জেডিইউৰ মুৰব্বী নীতিশ কুমাৰৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএৰ মাজত পোনপটীয়া প্রতিদ্বন্দ্বিতা হ’ব৷ প্রথম পর্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সামৰণি পৰে যদিও ৰাজ্যখনৰ ঔৰংগবাদ জিলাৰ ৰাফিগঞ্জ বিধানসভা সমষ্টিৰ ভোটগ্রহণ কেন্দ্র ৩২১ৰ অধীনত থকা বাডকাবিঘা গাঁৱৰ লোকে ভোট বর্জন কৰে৷ নির্বাচন আয়োগৰ তথ্য মতে মুঠ ভোটদানৰ হাৰ ৫৩.১১ শতাংশ৷ ইয়াৰে ভিতৰত ভাগলপুৰ জিলাত ৫২.১৬ শতাংশ, বাংকাত ৫৩.০৪, মুংগেৰত ৪৩.৬৪, লক্ষীচৰাইত ৫৫.৪৪, ছেখপুৰাত ৫২.০১, পাটনাত ৫১.০২, ভোজপুৰত ৪৭.৭৭, বাক্সাৰত ৫৩.৮৪, কাইমুৰত ৫৫.৯৫, ৰোহতাছত ৪৯.৫৩, আৰৱালত ৫৩.৮৫, জেহানবাদত ৫০.৯৯, ঔৰংগাবাদত ৪৯.৯০, গয়াত ৫৪.৭১, নাৱাদাত ৫৩.৩৪ আৰু জামুইত ৫৭.৪১ শতাংশ৷ আয়োগে এই কথাও প্রকাশ কৰিছে ভোটদানৰ হাৰ প্রতিখন জিলাত বৃদ্ধি পাব পাৰে৷

You might also like