নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিশ্ববিদ্যালয়ৰ উপাচার্যক নিলম্বন, প্রশাসনিক কাম–কাজত গাফিলতি

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ প্রশাসনীয় ক্ষেত্রত গাফিলতিৰ বাবেই দিল্লী বিশ্ববিদ্যালয়ৰ উপাচার্য যোগেশ ত্যাগীক কালি নিলম্বন কৰা হৈছে৷ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ নির্দেশমর্মে উপাচার্যগৰাকীক নিলম্বন কৰা বুলি শিক্ষা মন্ত্রালয়ে এক বিবৃতিত সদৰী কৰিছে৷ ৰাষ্ট্রপতিৰ এই নির্দেশনাত উল্লেখ কৰা হৈছে যে চিকিৎসাজনিত কাৰণত ত্যাগী বিশ্ববিদ্যালয়খনত অনুপস্থিত থকা বিষয়টোক গাফিলতি হিচাপে গণ্য কৰা হ’ব৷

স্মর্তব্য যে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী ভিজিটৰ৷ পৰহিৰ শিক্ষা মন্ত্রালয়ে উপাচার্যগৰাকীৰ বিৰুদ্ধে তদন্ত চলাব লাগে বুলি কৰা আবেদনত অনুমোদন জনোৱাৰ পিছতে উপাচার্য ত্যাগীৰ নিলম্বন নিশ্চিত হৈ পৰে৷ শিক্ষা মন্ত্রালয়ে আজি প্রকাশ কৰা বিবৃতিটোত এই কথাও উল্লেখ কৰিছে যে বিশ্ববিদ্যালয়ৰ প্রশাসনিক নীতি–নির্দেশনা মানি চলা নাছিল ত্যাগীয়ে৷

ইয়াৰ ফলত বিশ্ববিদ্যালয়খনৰ পৰিচালনাত সৃষ্টি হৈছিল বিভিন্ন সমস্যা৷ আনকি বিশ্ববিদ্যালয়খনৰ কাম–কাজতো ব্যাপক অনিয়মৰ সৃষ্টি হৈছিল৷

You might also like