নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপায়ুক্তৰ বাসগৃহৰ দুজন কর্মচাৰী পজিটিভ

তেজপুৰত সামূহিক সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা ১২ জুনঃ ক’ভিড–১৯ৰ সামাজিক সংক্রমণৰ দিশে গতি কৰিছে শোণিতপুৰ৷ শোণিতপুৰ জিলা উপায়ুক্তৰ বাসভৱনৰ কার্যালয়ৰ কর্মচাৰীৰ দেহতেই ওলাল ক’ভিড পজিটিভ৷ একেদৰে গাখীৰ বিক্রী কৰা এগৰাকী লোকো আক্রান্ত হৈছে ক’ৰোনাত৷ লক্ষণীয়ভাৱে তেওঁলোকৰ নাই কোনো ভ্রমণ বৃত্তান্ত৷ প্রকৃততে তেওঁলোক সংস্পর্শলৈ আহিছিল ইতিমধ্যে ক’ৰোনাত আক্রান্ত বুবুল ডেকা নামৰ লোকজনৰ৷ উল্লেখ্য যে তেজপুৰৰ বিশ্বজিৎ বৰা পথত ভাৰাতীয়া হিচাপে থকা বুবুল ডেকাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল যোৱা ৮ জুনত৷ উল্লেখ্য যে কর্কট ৰোগী বুবুল ডেকাই নিয়মীয়াকৈ কেম’ থেৰাপী চিকিৎসা গ্রহণ কৰি আহিছিল গুৱাহাটী বি বৰুৱা কর্কট হাস্পতালত৷ উক্ত চিকিৎসালয়খনৰ পৰা কেম’ থেৰাপী লৈ যোৱা ২৮ মে’ৰ বিয়লি গুৱাহাটীস্থিত আই এছ বি টিৰ পৰা বাছযোগে তেজপুৰলৈ উভতি আহিছিল বুবুল ডেকা৷ কিন্তু ইয়াৰ পাছতেই অসুস্থ হৈ পৰা বুবুলে ৬ জুনত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছোৱাব পৰীক্ষা কৰোৱায় আৰু ৮ জুনত তেওঁৰ দেহত ক’ভিড পজিটিভি ধৰা পৰে৷ ইফালে ২৮ মে’ৰ পৰা ৬ জুনপর্যন্ত বুবুলৰ সংস্পর্শলৈ আহিছিল বিভিন্ন লোক৷ ৫ জুনত জিলা উপায়ুক্তৰ বাসগৃহৰ কার্যালয়ত বুবুলে ফটোষ্টেট মেচিন মেৰামতি কৰিছিল৷ একেদৰে তেওঁ নিতৌ পুৱা ৰে’লগেটৰ এখন দোকানাৰ পৰা গাখীৰ ক্রয় কৰাৰ উপৰি কমাচুবুৰিৰ গেলামাল দোকানত প্রয়োজনীয় সামগ্রী ক্রয় কৰিছিল৷ আনকি এই সময়ছোৱাত তেওঁ তেজপুৰ চহৰৰ কম্পিউটাৰৰ দোকান আৰু অন্যান্য ব্যৱসায়িক প্রতিষ্ঠান তথা চৰকাৰী কার্যালয়লৈও অহা–যোৱা কৰিছিল৷ বুবুল ডেকা ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতেই সষ্টম হৈ পৰে স্বাস্থ্য বিভাগ৷ জিলা উপায়ুক্তৰ বাসগৃহৰ কার্যালয়ৰ কর্মচাৰীৰ ছোৱাব পৰীক্ষা কৰাৰ অন্তত আজি উক্ত কার্যালয়ত কর্মৰত তিলক পাঠক আৰু গৃহৰক্ষী বাহিনীৰ জোৱান প্রফুল্ল নাথ ক’ৰোনাত আক্রান্ত বুলি নিশ্চিত হয়৷ ইয়াৰ পাছতেই হাহাকাৰ লাগে জিলা উপায়ুক্তৰ কার্যালয় তথা উপায়ুক্তৰ আৱাসত৷ ইতিমধ্যে প্রশাসনৰ তৰফৰ পৰা দুয়োটা কার্যালয়তে ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হৈছে৷ শোণিতপুৰৰ উপায়ুক্ত আৰু তেওঁৰ পত্নীসহ পুত্রৰ নমুনা সংগ্রহ কৰিছে স্বাস্থ্য বিভাগে৷ ইফালে উপায়ুক্ত কার্যালয়ৰ আৰু উপায়ুক্তৰ আৱাসৰ মুঠ ২২গৰাকী কর্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয়৷ আনহাতে, বুবুল ডেকাই পুৱা যিখন দোকানৰ পৰা গাখীৰ ক্রয় কৰিছিল, সেই দোকানৰ গৰাকী পুতুল বৰুৱাও আজি ক’ৰোনাত আক্রান্ত বুলি চিনাক্ত হয়৷ বুবুল ডেকাৰ পৰা সংক্রমিত হৈ ক’ৰোনা পজিটিভ হোৱা এই তিনিওজনক ইতিমধ্যে স্বাস্থ্য বিভাগে তেজপুৰ পৰোৱাস্থিত নৱনির্মিত ক’ভিড হাস্পতালত ভর্তি কৰাইছে৷ লক্ষণীয়ভাৱে জিলা উপায়ুক্তৰ কার্যালয়ৰ সৈতে বিভিন্ন ব্যক্তি আৰু বিভিন্ন বিভাগৰ প্রত্যক্ষ সম্পর্ক থকা হেতু অধিক লোকৰ স্বাস্থ্য পৰীক্ষাৰ প্রয়োজনীয়তা আহি পৰিছে৷ একেদৰে পুতুল বৰুৱাৰ ব্যৱসায়িক প্রতিষ্ঠানলৈ যোৱা লোকসকল যিদৰে শংকিত হৈ পৰিছে, ঠিক তেনেদৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ কার্যনির্বাহক সদস্যসকলো চিন্তিত হৈ পৰিছে৷ কাৰণ যোৱা ৭ জুনত বাণ থিয়েটাৰৰ কার্যনির্বাহক সভালৈ গৈছিল বাণ থিয়েটাৰৰ সদস্য তথা শিল্পী পুতুল বৰুৱা৷ ইফালে পুতুল বৰুৱাৰ বাসগৃহৰ এলেকা তেজপুৰ কৈলাস নগৰৰ এক নম্বৰ উপপথ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে দ–পর্বতীয়া লেঙাচুবুৰিৰ তিলক পাঠকৰ বাসগৃহ এলেকা আৰু বিহগুৰি ভালুকেখোৱাৰ প্রফুল্ল নাথৰ বাসগৃহ এলেকাও কনটেইনমেণ্ট জ’ন ৰূপে ছীল কৰা হৈছে৷ আনহাতে, বহিঃৰাজ্যৰ পৰা আহি তেজপুৰৰ হোটেল কোৱাৰেণ্টাইনত থকা স্থানীয় মাজগাঁও নিৱাসী হেমন্ত গোস্বামী (৭৩) আজি ক’ৰোনাত আক্রান্ত হোৱা বুলি চিনাক্ত হৈছে৷ উল্লেখ্য যে তেওঁ বিমানযোগে দিল্লীৰ পৰা পত্নী আৰু কন্যাসহ তেজপুৰত উপস্থিত হৈ হোটেলত কোৱাৰেণ্টাইনত আছিল৷ ইপিনে বহিঃৰাজ্যৰ পৰা আহি মিছামাৰীৰ সেনা শিবিৰত কোৱাৰেণ্টাইনত থকা এছ পি বার্মা নামৰ লোকজনো ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি আজি সংশ্লিষ্ট বিভাগৰ পৰা জানিব পৰা গৈছে৷ দিনটোত তেজপুৰত ৫জনকৈ লোক ক’ৰোনা সংক্রমিত বুলি ধৰা পৰিছে৷

You might also like