নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা বিধ্বংসী অগ্ণিকাণ্ডত ছাইত পৰিণত তেজপুৰৰ চ’ক বজাৰ

চকুৰ পচাৰতে ভস্মীভূত তিনি শতাধিক দোকান সহস্রাধিক পৰিয়াললৈ হঠাতে নামিল অমানিশা চৌদিশে কান্দোনৰ ৰোলঃ আশী কোটি টকাৰ ক্ষতি

নিয়মীয়া বাৰ্তা ১০ মেঃ  বছৰ বছৰ ধৰি সঞ্চিত ধনেৰে আটোমটোকাৰিকৈ গঢ়ি তোলা একমাত্র ডপার্জনৰ সম্বল নিমিষতে জুইৰ লেলিহান শিখাই নিঃশেষ কৰিলে৷ মাজনিশা হিয়া ঢ়াকুৰি কান্দি–কাতি নিজৰ ব্যৱসায়িক প্রতিষ্ঠান ৰক্ষা কৰিব নোৱাৰিলে৷ তেজপুৰৰ প্রায় তিনিশ পৰিয়ালৰ বাবে নিমিষতে ৰুদ্ধ হৈ পৰিল উপার্জনৰ পথ৷ উল্লেখ্য যে কালি নিশা তেজপুৰৰ ব্যৱসায়িক প্রাণকেন্দ্র চ’ক বজাৰত সংঘটিত হোৱা বিধ্বংসী অগ্ণিকাণ্ডত বজাৰখনৰ আশী শতাংশতকৈও অধিক দোকানগৃহ নিমিষতে ছাই হৈ পৰে৷ এতিয়া ইয়াৰ সৈতে জডিত সহস্রাধিক পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷ কাপোৰ, ষ্টেচনাৰী, বাচন–বর্তন, হার্ডৱেৰ, বেগৰ দোকান, বিয়া–সবাহত ব্যৱহূত পাত–পতুৱাৰ দোকান, পূজা সামগ্রীৰ দোকান, গেলামালৰ দোকান, সাৰৰ দোকানৰ পৰা বিভিন্ন সা–সামগ্রীৰ ব্যৱসায়ৰ সৈতে জডিত প্রায় তিনিশ দোকান কালি নিশা প্রায় ১২ বজাত সংঘটিত ভয়ংকৰ অগ্ণিকাণ্ডত জাহ যায়৷ ঘটনাটোত প্রায় ৮০ কোটি টকাৰ সা–সামগ্রী ভস্মীভূত হয়৷

বৈদ্যুতিক শ্বর্ট চার্কিটৰ ফলতে ভয়াৱহ অগ্ণিকাণ্ডটো সংঘটিত হোৱা বুলি ব্যৱসায়ীসকলৰ লগতে ৰাইজে সন্দেহ কৰিছে৷ ইফালে অগ্ণিকাণ্ড ইমানেই ভয়াৱহ আছিল যে ভাৰতীয় বায়ুসেনাৰ লগতে সেনাবাহিনী আৰু তেজপুৰকে ধৰি শোণিতপুৰ, বিশ্বনাথ জিলাৰ পৰা অহা কুৰিখনৰো অধিক অগ্ণিনির্বাপক বাহিনীৰ গাডীয়ে পুৱা ১০ বজাৰ ভিতৰতহে জুই নুমুৱাবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, কালি নিশা প্রায় ১২ বজাত তেজপুৰ পৌৰসভাৰ অধীনস্থ চ’ক বজাৰৰ ভিতৰত সংঘটিত হয় এই অগ্ণিকাণ্ড৷ ঘটনাৰ পাছতে একাংশ ব্যৱসায়ী আৰু ৰাইজে ততাতৈয়াকৈ তেজপুৰৰ অগ্ণিনির্বাপক বাহিনীক খবৰ দিয়ে৷সেই অনুসৰি অগ্ণিনির্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত ডপস্থিত হয় যদিও ইতিমধ্যে জুইৰ লেলিহান শিখাই চ’ক বজাৰৰ বৃহৎ অংশক সামৰি লয়৷

আনহাতে চ’ক বজাৰত নিশা অগ্ণিকাণ্ড সংঘটিত হোৱাৰ খবৰ পায়েই নিজৰ দোকানখন আৰু সামগ্রী সুৰক্ষিত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মুহূর্তৰ ভিতৰতে অগ্ণিকাণ্ডত চ’ক বজাৰৰ মাজৰ তিনি শতাধিক সৰু–ডাঙৰ বিভিন্ন ধৰণৰ দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠান জুইত জাহ যায়৷

ইয়াৰ মাজতে একাংশ ব্যৱসায়ীয়ে নিজৰ দোকানৰ ভিতৰৰ পৰা সামগ্রীসমূহ বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা কৰে যদিও এইক্ষেত্রত ব্যর্থ হোৱাত দিশহাৰা হৈ পৰে৷ ঘটনাৰ খবৰ পায়েই তেজপুৰ চহৰৰ বিভিন্ন প্রান্তৰ পৰা চ’ক বজাৰত উপস্থিত হোৱা ৰাইজেও ব্যৱসায়ীসকলক সহায় কৰাৰ বাবে দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ পৰা সামগ্রীসমূহ উলিয়াই অনাৰ বাবে চেষ্টা কৰে যদিও সেই সময়তে অগ্ণিকাণ্ডৰ ঘটনা অধিক ভয়াৱহ হৈ পৰে৷ সমগ্র অঞ্চলটোতে ব্যৱসায়ীসকলৰ কান্দোনে এক অবর্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে৷ আনহাতে তেজপুৰৰ অগ্ণিনির্বাপক বাহিনীৰ গাডীয়ে জুই নুমুৱাবলৈ সক্ষম নোহোৱাত ঢ়েকীয়াজুলি, ৰঙাপৰা, জামুগুৰিহাট, কলিয়াবৰ আৰু বিশ্বনাথৰ পৰাও অগ্ণিনির্বাপক গাডী ঘটনাস্থলীত ডপস্থিত হয়৷ তদুপৰি তেজপুৰ বিমানবন্দৰ আৰু সেনাবাহিনীৰো অগ্ণিনির্বাপক গাডী আনি এই অগ্ণিকাণ্ড নির্বাপণ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, এই অগ্ণিকাণ্ডৰ ঘটনাত সম্পূর্ণৰূপে জাহ যোৱা তিনি শতাধিক দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ ভিতৰত অধিকসংখ্যকেই বস্ত্র, মণিহাৰী, বাচন–বর্তন, সাৰ আৰু গেলামালকে ধৰি বিভিন্ন ধৰণৰ দোকান আছিল৷ ইফালে শোণিতপুৰ জিলাৰ ডপায়ুক্ত মানৱেন্দ্র প্রতাপ সিং আৰু আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত নিশাই ঘটনাস্থলীত ডপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰে৷ সেইদৰে গুৱাহাটীত থকা অৱস্থাতে নিশা এই সংবাদ লাভ কৰাৰ লগে লগে তেজপুৰৰ নৱনির্বাচিত বিধায়ক পৃথ্বিৰাজ ৰাভা ঘটনাস্থলীত ডপস্থিত হৈ সমগ্র পৰিস্থিতিৰ বুজ লৈ বেদনাহত হৈ পৰে৷ এইক্ষেত্রত ডত্থাপিত হোৱা এক অভিযোগ অনুসৰি কালি দুপৰীয়াৰ ভাগতে চ’ক বজাৰত কোনো এক স্থানত শ্বর্ট চার্কিটৰ ঘটনা সংঘটিত হৈছিল আৰু এই বিষয়ে লগে লগে বিভাগীয় কর্তৃপক্ষক খবৰ দিছিল৷ কিন্তু ইয়াৰ পিছতে চৰকাৰ–প্রশাসনৰ নিষেধাজ্ঞাৰ বাবে দিনৰ দুই বজাত ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ কৰিবলগীয়া হয়৷

বিদ্যুৎ বিভাগে তেতিয়াই কোনো ধৰণে ব্যৱস্থা গ্রহণ নকৰাৰ ফলতে এই ভয়াৱহ অগ্ণিকাণ্ডটো সংঘটিত হোৱা বুলি ৰাইজে আজি ক্ষোভ প্রকাশ কৰিছে৷ ইপিনে তেজপুৰ লোকসভাৰ সাংসদ পল্লৱলোচন দাসেও গুৱাহাটীৰ পৰাই সমগ্র ঘটনাৰ বুজ লোৱাৰ লগতে ক্ষতিগ্রস্ত হোৱা ব্যৱসায়ীসকলৰ সংস্থাপনৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়ে৷

উল্লেখ্য যে স্বাধীনতাৰ পূর্বেই তেজপুৰৰ অধিকাংশ খিলঞ্জীয়া ব্যৱসায়ীৰ জীৱিকা উপার্জনৰ স্থলী হিচাপে পৰিগণিত হোৱা তাহানিৰ ‘চ’ক ঘৰ’ ১৯৪৭ৰ পূর্বেই এবাৰ একেদৰে জুইত জাহ গৈছিল৷ ইয়াৰ পিছতো ১৯৫৩ চনৰ ২২ ছেপ্ঢেম্বৰত পুনৰ সংঘটিত হৈছিল আন এক ভয়ংকৰ অগ্ণিকাণ্ড৷ তাৰ পিছতে ৰূপকোঁৱৰৰ ভাতৃ কমলা প্রসাদ আগৰৱালা তেজপুৰ পৌৰসভাৰ পৌৰপতি হৈ থকাৰ কালত ১৯৫৬ চনত এই পৌৰসভাৰ অধীনস্থ চ’ক বজাৰখন এক ব্যতিক্রমী আর্হিত অতি পৰিকল্পিতভাৱে নির্মাণ কৰিছিল৷

ব্রিটিছৰ দিনত তেজপুৰৰ প্রয়াত খিলঞ্জীয়া ব্যৱসায়ী দৈব্য কলিতা, লোহিত মহন্ত, ললিত ডেকা, মুকুন্দৰাম দাস, ভুবন চন্দ্র মহন্ত, ৰজনী পাল আদি ব্যৱসায়ীৰ পিছত স্বাধীনতাৰ পৰৱত্ কালত দকানন্দ মহন্ত, ভগীৰথ ডেকা, নৰ মহাজন ডেকা, হর্ষ মজুমদাৰ, বিষয়ৰাম মহাজন, অচ্যুত দাস, নুৰ হুছেইন বোগাই ডেকা, প্রিয় শর্মা, নাৰায়ণ ডেকা, বৰিহণা মহাজন, মহাৰথ বৰুৱা, আদ্য শর্মা আদি ব্যৱসায়ীসকলৰ পৰিয়ালৰ জীৱিকাৰ স্থলী তেজপুৰ চ’ক বজাৰ এতিয়া ইতিহাস হৈ পৰিল৷ আজি পুৱাৰ পৰা সঘনাই গ্রাহকসকলে ভিৰ কৰা এই চ’ক বজাৰখনৰ হূদয়বিদাৰক দৃশ্য প্রত্যক্ষ কৰি চকুলো টোকা পৰিলক্ষিত হয়৷

You might also like