নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকৰদৌত দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ স্থায়ী কার্যালয়

নিয়মীয়া বাৰ্তা, ১০ মে: গুৱাহাটীৰ গাতে লগা আৰু দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ বাবে বিখ্যাত দীপৰ বিলৰ সুৰক্ষা, পৰিচালনাৰ বাবে এক দশক পূর্বে ৰাজ্য চৰকাৰৰ বন বিভাগে অধিসূচনাৰ জৰিয়তে গঠন কৰা দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ আঞ্চলিকবন বিষয়াৰ কার্যালয়ে অৱশেষত স্থায়ী ঠিকনা লাভ কৰিলে৷ ইমানদিনে গুৱাহাটীৰ গীতানগৰত চলি থকা কার্যালয়টো দুদিন পূর্বে দীপৰ বিলৰ গাতে লগা চকৰদৌত থকা বন বিভাগৰ নিজা কার্যালয়লৈ স্থানান্তৰ কৰা হয়৷ ফলত এতিয়াৰে পৰা বন বিভাগে দীপৰ বিলৰ বাবে কৰিবলগীয়া সকলো বিভাগীয় কাম–কাজ চকৰদৌৰ নিজা কার্যালয়ৰ পৰা সম্পন্ন কৰিব পাৰিব৷

আনহাতে, দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ আঞ্চলিকবন বিষয়া যতীন বৰাই জানিবলৈ দিয়া মতেবর্তমান তেওঁৰ সৈতে বিলখনৰ সুৰক্ষাৰ বাবে স্থায়ী–স্থায়ী ৯জন বনকর্মী নিয়োজিত হৈ আছে৷ কেইজনমান বনকর্মীক সাময়িকভাৱে পবিতৰা অভয়াৰণ্যত নিয়োজিত কৰা হৈছে৷ তৎসত্ত্বেও সীমিতসংখ্যক বনকর্মীয়ে বনৰীয়া হাতী যাতে বিলখনৰ দাঁতিয়েদি যোৱা ৰে’লপথত চলন্ত ৰে’লৰ খুন্দাত আহত–নিহত হ’বলগীয়া নহয় বা খাদ্যৰ সন্ধানত আহি বিলৰ পানীত আবদ্ধ হৈ নাথাকে তাৰ প্রতি সদায় সতর্ক দৃষ্টি ৰাখি আহিছে৷ সমান্তৰালভাৱে কোনো দুষ্ট প্রকৃতিৰ লোকে যাতে বিলৰ জৈৱ বৈচিত্র্য ধবংস, পক্ষী চিকাৰ কৰা, অভয়াৰণ্য হিচাপে চিহ্ণিত বিলৰ জলভাগত মৎস্য চিকাৰ কৰা আদি কার্য কৰিব নোৱাৰে তাৰ বাবেও সতর্ক দৃষ্টি ৰাখিব লাগে বুলি বন বিষয়াগৰাকীয়ে সদৰী কৰিছে৷

You might also like