নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়লি দুই বজাৰ পিছতো ছয়মাইলত খোলা দোকান–পোহাৰ

নিয়মীয়া বাৰ্তা, ১০ মে: ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী–মহানগৰীত্ ক’ভিড–১৯ৰ গণসংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাৰ হট স্পটত পৰিণত হোৱা গুৱাহাটী মহানগৰীত ক্রমাৎ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্রশাসন উদ্বিগ্ন হৈ পৰিছে৷ মাৰাত্মক ক’ৰোনা মহামাৰীৰ গণ সংক্রমণৰ পৰা মহানগৰবাসীক ৰক্ষা কৰিবলৈ জিলা প্রশাসনে তৎপৰতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ মহানগৰীৰ সর্বাধিক আক্রান্ত অঞ্চল চিনাক্ত কৰি ইতিমধ্যে প্রশাসনে পৌৰ নিগমৰ তিনিটা ৱার্ডত মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে ক’ভিডৰ গণসংক্রমণ ৰোধ কৰাৰ বাবে বিয়লি ২ বজাৰ ভিতৰত সকলো দোকান–পোহাৰ বন্ধ কৰাৰ নির্দেশ জাৰি কৰিছে৷

অৱশ্যে এইক্ষেত্রত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলক প্রশাসনে শিথিলতা প্রদান কৰিছে৷ প্রশাসনৰ নির্দেশনা অনুসৰি মহানগৰীৰ বিভিন্ন প্রান্তৰ ব্যৱসায়ীসকলে বিয়লি ২ বজাৰ ভিতৰত সকলো দোকান–পোহাৰ বন্ধ কৰিছে যদিও ঠাই বিশেষে নির্দিষ্ট সময়ত দোকান–পোহাৰ বন্ধ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত আৰক্ষীয়ে অভিযান চলাই দোকান–পোহাৰ বিয়লি দুই বজাৰ ভিতৰত বন্ধ কৰাৰ বাবে ব্যৱসায়ীসকলক আহ্বান জনাইছে৷

বিশেষকৈ মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰত বিয়লি ২.৩০ বজাৰ পিছতো দোকান–পোহাৰ খোলা ৰখা পৰিলক্ষিত হয়৷ একেদৰে গণেশগুৰি বজাৰতো একাংশ ব্যৱসায়ীয়ে বিয়লি ২ বজাৰ পিছত দোকান–পোহাৰ বন্ধ কৰাত বিলম্ব কৰা দেখা গৈছে৷ ইপিনে, গড়চুকৰ বিভিন্ন প্রান্তত দুই বজাৰ পিছত দোকান–পোহাৰ বন্ধ নকৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাবলগীয়া হৈছে৷ অৱশ্যে আৰক্ষীয়ে অভিযান চলোৱাৰ পিছত সকলো ব্যৱসায়ীয়ে দোকান বন্ধ কৰি ঘৰমুৱা হয়৷

You might also like