নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱর্তনত ভাগ ল’ব প্রধানমন্ত্রীয়েঃ অসমীয়াতে টুইটযোগে জনালে মোদীয়ে

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ  তেজপুৰ বিশ্ববিদ্যালয়ত আজি হ’ব লগা সমাৱর্তনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভার্চুৱেলযোগে অংশ ল’ব৷  প্রধানমন্ত্রী মোদীয়ে টুইটযোগে এই কথা অৱগত কৰে৷ অসমীয়াতে দিয়া টুইটত প্রধানমন্ত্রীয়ে লিখিছে– কাইলৈ ২২ জানুৱাৰীৰ পুৱা ১০.৩০ বজাত মই তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱর্তন সম্বোধন কৰিম৷ এয়া অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ উদ্দীপ্ত নৱপ্রজন্মৰ সৈতে মত বিনিময় কৰাৰ এক উত্তম সুযোগ৷ উল্লেখ্য যে অহা ২৩ জানুৱাৰীত শিৱসাগৰৰ এখন জনসভাত অংশগ্রহণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী অসমলৈ আহিব৷ ইয়াৰ পূর্বে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱর্তনত প্রধানমন্ত্রীগৰাকী ভাগ ল’ব বুলি কৰা ঘোষণাই স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ শিক্ষক তথা ছাত্র–ছাত্রী সমাজক উৎসাহিত কৰি তুলিছে৷

You might also like