নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বদেশত টীম ইণ্ডিয়াক উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অষ্ট্রেলিয়াত বিস্ময়কৰ জয়েৰে ইতিহাস সৃষ্টি কৰা টীম ইণ্ডিয়াৰ খেলুৱৈসকলক স্বদেশত আজি উষ্ম আদৰণি জনোৱা হয়৷ আজিংক্য ৰাহানে নেতৃত্বাধীন দলটোৰ খেলুৱৈসকল বৃহস্পতিবাৰে পুৱাই ভাগে ভাগে নিজৰ গৃহ চহৰত উপস্থিত হয়৷ অধিনায়ক ৰাহানে, সহঃধিনায়ক ৰোহিত শর্মা, অলৰাউণ্ডাৰ ছার্দুল ঠাকুৰ, অ’পেনাৰ পৃথ্বি শ্ব আৰু মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ বিপৰীতে ব্রিছবেন টেষ্টৰ নায়ক ঋষভ পণ্টে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে৷ নেট বলাৰ হিচাপে অষ্ট্রেলিয়ালৈ গৈ টি–২০, এদিনীয়া আৰু টেষ্ট ক্রিকেটত অভিষেক ঘটাই অভিলেখৰ অধিকাৰী হোৱা তামিলনাডুৰ উদীয়মান বাঁওহতীয়া বেগী বলাৰ টি নটৰাজনে বাংগালুৰুত অৱতৰণ কৰি ছালেমস্থিত বাসগৃহলৈ ৰাওনা হয়৷

ইফালে, তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিন, উদীয়মান অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ আৰু বলিং প্রশিক্ষক ভৰত অৰুণে ডুবাই হৈ শুকুৰবাৰে পুৱতি নিশা চেন্নাইত উপস্থিত হোৱাৰ কথা আছে৷ ব্রিছবেন টেষ্টত ঐতিহাসিক জয়েৰে ক্রমাগত তৃতীয়বাৰৰ বাবে ব’ডাৰ–গাভাস্কাৰ ট্রফী দখল কৰিবলৈ সক্ষম হোৱা টীম ইণ্ডিয়াৰ অধিনায়ক ৰাহানেক আজি বিমানবন্দৰত আদৰণি জনায় মুম্বাই ক্রিকেট সন্থাৰ বিষয়ববীয়া আৰু ক্রিকেটাৰগৰাকীৰ পত্নী তথা দুবছৰীয়া কন্যাই৷

মুম্বাইত উপস্থিত হোৱা ৰাহানে, ৰোহিত, পৃথ্বি আৰু প্রশিক্ষক শাস্ত্রীৰ বিমানবন্দৰতে ক’ভিড টেষ্ট সম্পন্ন হয় আৰু তেওঁলোকক সাত দিনৰ হোম কোৱাৰেণ্টাইনৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ অধিকাংশ খেলুৱৈ আই পি এল সামৰি যোৱা ১১ নৱেম্বৰতে অষ্ট্রেলিয়াত উপস্থিত হৈছিল৷ প্রায় তিনি মাহৰ মূৰত স্বদেশত উপস্থিত হোৱা প্রিয় তাৰকাসকলক ক্রিকেটপ্রেমীয়ে বিমানবন্দৰত উষ্ম আদৰণি জনায়৷

You might also like