নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ আহিব মোদী ঐতিহাসিক জেৰেঙা পথাৰ সাজু

তিনি লাখ লোকক সমৱেত কৰিবলৈ যুদ্ধকালীন তৎপৰতা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ  ছয়শ বছৰীয়া আহোম ৰাজত্বকালৰ স্বর্ণিল ইতিহাস আৰু ত্যাগৰ চানেকিৰে মহিমামণ্ডিত কৰি ৰখা ঐতিহাসিক জেৰেঙা পথাৰত অহা ২৩ জানুৱাৰীত উপস্থিত হ’বলগীয়া দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আদৰিবলৈ সকলো দিশৰ পৰাই সাজু কৰি তুলিছে জেৰেঙা পথাৰৰ সভাস্থলী৷ বিগত এটা সপ্তাহ ধৰি শিৱসাগৰ জিলা প্রশাসন, ৰাজ্য প্রশাসনৰ তদাৰকত লোকনির্মাণ বিভাগকে ধৰি কেইবাটাও বিভাগে দিন–ৰাতি একাকাৰ কৰি যুদ্ধকালীন তৎপৰতাৰে সাজু কৰি তুলিছে জেৰেঙা পথাৰ৷ সাংসদ তপন গগৈয়ে মাংগলিক অনুষ্ঠানৰ মাজেৰে লাইখুঁটা স্থাপন কৰাৰ পাছতেই জেৰেঙাত আৰম্ভ হৈছিল শিৱসাগৰ জিলা প্রশাসনৰ তৎপৰতা৷ শিৱসাগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশাল আৰক্ষী বাহিনীয়ে সমগ্র জেৰেঙা পথাৰত দিনে–নিশাই আৰম্ভ কৰিছিল তীব্র পহৰাৰ ব্যৱস্থা৷ বৃহস্পতিবাৰে বিয়লি প্রধানমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এছ পি জি, চমুকৈ বিশেষ সুৰক্ষা গোটে সমগ্র জেৰেঙা পথাৰৰ নিৰাপত্তাৰ দায়িত্ব নিজৰ জিম্মাত লয়৷ বাতৰি প্রেৰণ কৰালৈকে বিগত দুটা দিন ধৰি অব্যাহত থকা কিনকিনিয়া বৰষুণৰ মাজতো যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতিত নামি পৰা জিলা প্রশাসন আৰু লোকনির্মাণ বিভাগে ইতিমধ্যেই সমগ্র সভাস্থলীৰ নির্মাণকার্য প্রায় ৮০ শতাংশ সম্পূর্ণ কৰি তুলিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷
সর্বানন্দ সোণোৱালৰ অংগীকাৰঃ এক লাখ ভূমিহীনক ভূমি পট্টা প্রদান কৰিবলগীয়া এই বিশাল গণ সমাৱেশত প্রায় তিনি লাখ লোক সমৱেত কৰাৰ অংগীকাৰ প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ২৪ ঘণ্টা পূর্বে শিৱসাগৰ ভ্রমণ কৰি প্রস্তুতিৰ বুজ লোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উজনিৰ ৩৯ সমষ্টিৰ পৰা তিনি লাখ লোক জেৰেঙা পথাৰত সমৱেত কৰাবলৈ বিজেপি কম্সকলক আহ্বান জনোৱাৰ পাছতেই জেৰেঙা পথাৰত এতিয়া তৎপৰতা দুগুণে বৃদ্ধি পাইছে৷ ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে জাতি–মাটি–ভেটি ৰক্ষাৰ সংকল্পৰে শাসন ক্ষমতাত অধিষ্ঠিত হৈ খিলঞ্জীয়াৰ ভূমিৰ ওপৰত থকা অধিকাৰ সুৰক্ষিত কৰাৰ বাবে শক্তিশালী পদক্ষেপ লৈছে৷ আনকি পূর্বৰ চৰকাৰৰ অমনোযোগিতাৰ ফলত বছৰ বছৰ ধৰি জৰীপ নোহোৱা গাঁওসমূহৰ জৰীপকার্য চলাই চৰকাৰখনে খিলঞ্জীয়াৰ প্রতি থকা দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে৷ চৰকাৰখনে খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে প্রাক্তন নির্বাচন আয়ুক্ত হৰিশংকৰ ব্রহ্মৰ নেতৃত্বত এখন উচ্চসম্পন্ন সমিতি গঠন কৰি দিয়ে৷ সেই সমিতিয়ে ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে৷ সেই প্রতিবেদনৰ আধাৰত খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰখনে নিষ্ঠা সহকাৰে পদক্ষেপ লৈছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ১ লাখৰ ওপৰ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা তথা অনুমোদন–পত্র প্রদানেৰে এক নজিৰবিহীন ইতিহাসৰ সৃষ্টি কৰিছিল৷ পূর্বতে মাটিৰ ম্যাদী কৰাৰ বাবে এক সুদীর্ঘ সময়ৰ প্রয়োজন হৈছিল৷ প্রশাসনিক ব্যৱস্থাটোত থকা জটিলতাৰ বাবে খিলঞ্জীয়াই মাটি ম্যাদী কৰাৰ ক্ষেত্রত প্রত্যাহ্বানৰ সন্মুখীন হৈছিল৷ এনে অৱস্থাৰ অৱসান ঘটাই বর্তমানৰ ৰাজ্য চৰকাৰে এক সৰল নীতি গ্রহণ কৰাৰ ফলত যোৱা চাৰে চাৰি বছৰে ২,২৮,১৬০খন মাটিৰ পট্টা অথবা আবণ্টন–পত্র দিয়াটো সম্ভৱ হৈছে৷ চৰকাৰখনে এক অভিযানকেন্দ্রিক মানসিকতাৰে ১ লাখ ১০ হাজাৰ লোকক মাটিৰ পট্টা প্রদান কৰাৰ পাছত পূর্বতে দিয়া প্রতিশ্রুতি অনুসৰি ১ লাখ লোকলৈ মাটিৰ পট্টা প্রদানৰ বাবে পদক্ষেপ গ্রহণ কৰি অহা ২৩ জানুৱাৰীত প্রধানমন্ত্রীৰ জৰিয়তে এই মাটিৰ পট্টা প্রদান কৰিবলৈ পদক্ষেপ লৈছে৷
এক লাখ চকী সাজুঃ ২৩ জানুৱাৰীৰ প্রধানমন্ত্রীৰ শিৱসাগৰ ভ্রমণক লৈ এতিয়া সমগ্র জিলাখনতেই উছাহৰ ধল বৈছে৷ প্রচণ্ড শীত আৰু প্রতিকূল বতৰৰ মাজতো জেৰেঙা পথাৰত তিনি লক্ষাধিক জনতাক আদৰিবলৈ সাজু হৈ উঠিছে জিলা প্রশাসন আৰু চৰকাৰৰ দল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সভাত অংশগ্রহণ কৰিবলৈ অহা ৰাইজৰ বাবে মঞ্চৰ সন্মুখত সাজু কৰিছে এক লাখ চকী৷
জেৰেঙা পথাৰত চাৰিখনকৈ হেলিপেডঃ দেশৰ সর্বশক্তিমান ৰাজনৈতিক নেতা তথা প্রধানমন্ত্রীগৰাকীৰ্ সুৰক্ষাৰ বাবে জেৰেঙা পথাৰৰ মূল সভাস্থলীৰ সমীপতেই সাজু কৰি তোলা হৈছে চাৰিখনকৈ হেলিপেড৷ ইয়াৰে এখন হেলিপেডত প্রধানমন্ত্রীগৰাকী উঠি অহা হেলিকপ্ঢাৰ অৱতৰণ কৰাৰ বিপৰীতে বাকী দুখন হেলিপেডত প্রধানমন্ত্রীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এছ পি জি দলৰ দুখনকৈ হেলিকপ্ঢাৰে অৱতৰণ কৰিব৷ চতুর্থখন হেলিপেডত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হেলিকপ্ঢাৰ অৱতৰণ কৰিব বুলি আয়োজক সমিতিৰ এক সূত্রই জানিবলৈ দিছে৷
এ টি ৰোড সংযোগী ছয়টা প্রৱেশ পথ নির্মাণঃ ঐতিহাসিক জেৰেঙা পথাৰত প্রধানমন্ত্রীৰ সভাস্থলীত সমৱেত হ’বলগীয়া কেইবালক্ষ লোকৰ সুবিধার্থে প্রশাসন আৰু লোকনির্মাণ বিভাগে সভাস্থলী সংযোগী ছয়টাকৈ পথ নির্মাণ সম্পূর্ণ কৰি তুলিছে৷ পুৰণি এ টি ৰোড সংযোগী এই ছয়টা পথেদি উজনি–নামনিৰ পৰা প্রতিগৰাকী লোকে জেৰেঙা পথাৰত প্রৱেশ কৰিব পাৰিব৷ ইয়াৰ বিপৰীতে কালুগাঁও, মগৰাহাট দিশৰ পৰা অহা ৰাইজে পহুগডৰ দিশৰ পৰা সংযোগ ঘটোৱা সপ্তমটো পথেদি সভাস্থলীৰ পূব দিশেদি প্রৱেশ কৰিব পাৰিব৷
ৰূপহী পথাৰ–শিৱসাগৰ কলেজ ষ্টেডিয়ামত পার্কিং ব্যৱস্থাঃ প্রধানমন্ত্রীৰ সভাত অংশগ্রহণ কৰিবলগীয়া জনতাৰ সুবিধার্থে শিৱসাগৰ জিলা আৰক্ষী প্রশাসনে এক পৰিকল্পিত পার্কিং ব্যৱস্থা কৰিছে৷ এই ব্যৱস্থা অনুসৰি উজনি–নামনিৰ পৰা ৩৭নং ৰাষ্ট্রীয় ঘাইপথ হৈ ভটিয়াপাৰ দিশৰ পৰা সভাস্থলীলৈ অহা সকলো সৰু–বৰ যান–বাহন ৰূপহী পথাৰত পার্কিঙৰ ব্যৱস্থা কৰিছে৷ ইতিমধ্যে ৰূপহী পথাৰৰ এটা বিশাল অংশ লোকনির্মাণ বিভাগে যান–বাহন ৰাখিব পৰাকৈব্যৱস্থা গ্রহণ কৰিছে৷ কেইবাসহস্র সৰু–বৰ বাহন ৰাখিবৰ বাবে লোকনির্মাণ বিভাগে ৰূপহী পথাৰত ৰোলাৰ চলাই সমান কৰিছে৷ আনহাতে, উজনি অসমৰ পৰা শিৱসাগৰ চহৰৰ মাজেদি সভাস্থলীলৈ অহা যান–বাহনসমূহ জয়সাগৰ অসামৰিক চিকিৎসালয় পোৱাৰ পূর্বেই শিৱসাগৰ কলেজ ষ্টেডিয়ামত পার্কিঙৰ ব্যৱস্থা কৰিছে৷
উজনিৰ প্রতিখন জিলাৰ পৰাই আহিব ৰাইজঃ প্রধানমন্ত্রীৰ সভাত তিনি লাখ লোক সমৱেত কৰোৱাৰ অংগীকাৰবদ্ধ হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ আহ্বানৰ পাছতেই বিজেপিয়ে যুগুতাই তুলিছে এক বিশেষ ৰণকৌশল৷ এই ৰণকৌশল অনুসৰি ২৩ জানুৱাৰীৰ দিনা শিৱসাগৰৰ পৰা ৬৫ হাজাৰ, নাজিৰাৰ পৰা ৩৫ হাজাৰ, আমগুৰিৰ পৰা ২৫ হাজাৰ, থাওৰাৰ পৰা ২৫ হাজাৰ, মাহমৰাৰ পৰা ২৫ হাজাৰ, সোণাৰিৰ পৰা ৬০ হাজাৰকে ধৰি উজনিৰ প্রতিটো সমষ্টিৰ পৰা নূ্যনতম ১০ পৰা ১৫ হাজাৰকৈ জনতাৰ সমাৱেশ ঘটিব জেৰেঙা পথাৰত৷
৩৯টা সমষ্টিত চলিছে ২৩ জানুৱাৰীৰ সমাৱেশৰ প্রস্তুতিঃ প্রধানমন্ত্রীৰ জেৰেঙা পথাৰৰ সভাত তিনি লক্ষাধিক লোকৰ উপস্থিতি নিশ্চিত কৰিবৰ বাবে মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতেই ৩৯টা সমষ্টিত চলিছে নেতা–কম্ৰ যুদ্ধকালীন তৎপৰতা৷ নিজাববীয়াকৈ ভাৰালৈ লোৱা বাহনৰ সহায়ত প্রতিটো সমষ্টিৰ পৰাই যাতে সর্বাধিকসংখ্যক লোকক জেৰেঙা পথাৰলৈ নিব পাৰে, তাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে বুলি উপ–সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে৷
৯.৩০ বজাৰ পূর্বে প্রৱেশ কৰিব লাগিব জেৰেঙা পথাৰতঃ প্রধানমন্ত্রীৰ নিৰাপত্তা আৰু আইন–শৃংখলাজনিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জেৰেঙা পথাৰৰ সভাস্থলীত ৯.৩০ বজাৰ পূর্বেই উজনিৰ বিভিন্ন জিলাৰ পৰা অহা জনতাই প্রৱেশ কৰিব লাগিব জেৰেঙা পথাৰত৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজহুৱাভাৱে এই কথা নিশ্চিত কৰাৰ লগতে প্রতিটো বুথ, মণ্ডল আৰু জিলা সমিতিক নিজ নিজ স্থানৰ পৰা ৯.৩০ বজাৰ পূর্বে শিৱসাগৰত উপস্থিত হোৱাকৈ ৰাইজক প্রেৰণ কৰিবলৈ আহ্বান জনাইছে৷ একে সময়তে শিৱসাগৰ আৰক্ষী প্রশাসনো ৯.৩০ বজাৰ পূর্বে সকলো লোককে সভাস্থলীত প্রৱেশৰ বাবে কাঢ়া নির্দেশনা জাৰি কৰিছে৷
এক লাখ পট্টাদাৰ উপস্থিত থকাটো নিশ্চিতঃ এক লাখ খিলঞ্জীয়া ভূমিহীনক মাটিৰ পট্টা প্রদান কৰিবলগীয়া অনুষ্ঠানটোত এক লাখ পট্টা লাভ কৰিবলগীয়া ব্যক্তি উপস্থিত থকাটো নিশ্চিত হৈছে৷ আয়োজক সমিতিৰ এক সূত্রই সাংবাদিকক জানিবলৈ দিছে এই কথা৷ অৱশ্যে উক্ত অনুষ্ঠানটোত নিৰাপত্তাজনিত কাৰণতেই প্রতীকী ৰূপত মাত্র কেইজনমান ব্যক্তিকহে এই পট্টা প্রদানেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
এক হাজাৰ স্বেচ্ছাসেৱকঃ প্রধানমন্ত্রীৰ ২৩ জানুৱাৰীৰ সভা শৃংখলিত ৰূপত পৰিচালনাৰ বাবে পোন্ধৰখন উপ–সমিতিৰ অধীনত এক হাজাৰ স্বেচ্ছাসেৱক সভাস্থলীত নিয়োগ কৰা হৈছে৷ তেওঁলোকক ইতিমধ্যেই ২৩ জানুৱাৰীৰ বিশাল সমাৱেশ কিদৰে শৃংখলিত ৰূপত পৰিচালনা কৰিব পাৰে, সেই সন্দর্ভত প্রশিক্ষণ প্রদান কৰা হৈছে৷
জেৰেঙা পথাৰৰ নিৰাপত্তাত ডেৰ হাজাৰ নিৰাপত্তাৰক্ষীঃ প্রধানমন্ত্রীৰ সভাত নিৰাপত্তাৰ বাবে সমগ্র সভাস্থলীত ইতিমধ্যে উজনিৰ কেউখন জিলাৰ পৰা অনা হৈছে ডেৰ হাজাৰ নিৰাপত্তাৰক্ষী৷ এই নিৰাপত্তাৰক্ষীসকলে সভাস্থলীৰ সমগ্র দিশ নিয়ন্ত্রণ কৰাৰ লগতে অতিৰিক্ত পাঁচ শতাধিক নিৰাপত্তাৰক্ষীক শিৱসাগৰ চহৰ, ৩৭নং ৰাষ্ট্রীয় ঘাইপথ আৰু ইয়াৰ দাঁতি–কাষৰীয়া অঞ্চলসমূহত নিয়োগ কৰা হৈছে৷ ইতিমধ্যে জেৰেঙা পথাৰৰ সমগ্র নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণৰ বাবে বিগত তিনি দিন ধৰি শিৱসাগৰত বাহৰ পাতি তদাৰক কৰি আছে আইন–শৃংখলা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে৷
সভাস্থলীলৈ কেতবোৰ সামগ্রী অনাত নিষেধাজ্ঞাঃ তিনি লাখ লোক সমৱেত হ’বলগীয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ২৩ জানুৱাৰীৰ সভাত অংশগ্রহণ কৰিবলগীয়া কোনো লোকেই বেগ, বিফকেচ, খোৱাবস্তুৰ টোপোলা, ৰেডি’, পেজাৰ, টেপ ৰেকর্ডাৰ, কেমেৰা, বাইনোকুলাৰ, ডিজিটেল ডায়েৰী, পাম টপ কম্পিউটাৰ, ৰিম’ট কণ্ট’ল গাডীৰ চাবি, মাৰণাস্ত্র, পানীৰ বটল, চিগাৰেট, বিডি, ছুৰী, কটাৰী, ধাৰাল লোৰ সামগ্রী, ফটকা, আতচবাজী, পুতলা পিষ্টল, হেণ্ডিকেম, আইপড, ৱায়াৰ, লেজাৰ লাইট, ৰেজৰ, কেচি, স্ক্রু ডাইভাৰকে ধৰি সামগ্রীসমূহ লগত লৈ অনা কোনো ব্যক্তিকেই সভাস্থলীত প্রৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷
মাস্ক পৰিধান কৰিব লাগিবঃ জেৰেঙাৰ সভাত ক’ভিড প্রট’কল কঠোৰভাৱে বলৱৎ কৰা হ’ব৷ মাস্ক পৰিধান নকৰা কোনো ব্যক্তিকেই সভাত প্রৱেশ কৰিবলৈ দিয়া নহ’ব৷ জিলা স্বাস্থ্য বিভাগে প্রৱেশ পথতেই প্রদান কৰা মাস্ক পৰিধান কৰিহে প্রৱেশ কৰিব পাৰিব বুলি মুখ্যমন্ত্রীয়ে ৰাজহুৱাকৈ ঘোষণা কৰিছে৷

You might also like