নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দশম–দ্বাদশৰ ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হ’ব

🔹 চিবিএছইৰ বৃহৎ সংস্কাৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ অধীনত চিবিএছইয়ে পৰীক্ষাত বৃহৎ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত চিবিএছইৰ দশম শ্রেণীৰ ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ দশম শ্রেণীৰ লগতে দ্বাদশ শ্রেণীৰ পৰীক্ষাও বছৰত দুবাৰ অনুষ্ঠিত কৰা হ’ব৷ বৈঠকত সিদ্ধান্ত গ্রহণ কৰি শিক্ষা মন্ত্রালয়ে এই সন্দর্ভত খচৰা প্রস্তুত কৰিছে আৰু শীঘ্রেই দেশবাসীৰ ওচৰত মতামতৰ বাবে প্রচাৰ কৰিব৷ শিক্ষাখণ্ডৰ অংশীদাৰসকলক এই সন্দর্ভত মতামত প্রেৰণৰ আহ্বান জনাইছে শিক্ষা মন্ত্রালয়ে৷ এই খচৰা অনুসৰি ২০২৬–২৭ শৈক্ষিক বর্ষৰ পৰাই দশম শ্রেণীৰ পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হ’ব৷ পৰীক্ষার্থীৰ ওপৰত চাপ হ্রাস কৰাৰ প্রতি লক্ষ্য কৰিয়েই এই বৃহৎ সংস্কাৰ সাধনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ আণ্ডাৰ গ্রেজুৱেট নামভর্তিত কোনোধৰণৰ যাতে বাধাৰ সন্মুখীন নহয়, তাৰ প্রতি লক্ষ্য কৰি চিবিএছইয়ে ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত কৰিব৷ কেন্দ্রীয় শিক্ষামন্ত্রীৰ সৈতে বৈঠকত বিদ্যালয় শিক্ষাৰ সচিব, চিবিএছইৰ অধ্যক্ষ আৰু শিক্ষা মন্ত্রালয়ৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ লক্ষণীয় যে সম্প্রতি দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা ফেব্রুৱাৰী–মার্চ মাহত অনুষ্ঠিত হয় আৰু মে’ত ইয়াৰ ফলাফল ওলায়৷ কোনো শিক্ষার্থীয়ে তেওঁৰ ফলাফলক লৈ অসন্তুষ্ট হ’লে এটা বিষয় পৰিপূৰকভাৱে পুনৰ জুলাইত পৰীক্ষা দিব পাৰে৷ কিন্তু নতুন নিয়ম অনুসৰি এজন শিক্ষার্থীয়ে প্রথম পর্যায়ত আশানুৰূপ ফলাফল লাভ নকৰিলে দ্বিতীয়বাৰতো অৱতীর্ণ হ’ব পাৰিব৷

You might also like