নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহু

🔹 মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই 

নিয়মীয়া বাৰ্তা, ৫ মে’ : ঢকুৱাখনাৰ চিৰপ্ৰবহমান চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত ১০ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহু ৷ ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় লোককলা-সংস্কৃতিৰ অপূৰ্ব সংগমস্থলীলৈ ৰূপান্তৰ ঘটা ম’হঘুলি চাপৰিৰ চিৰ সেউজ পৰিৱেশত ১২ মে’লৈকে অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ ফাটবিহু। ফাট বিহু উদযাপন সমিতি আৰু ফাটবিহু সমিতিয়ে সংবাদ মেলযোগে জনোৱা মতে, ফাট বিহুৰ অন্তিম দিনা মুখ্য কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত ঐতিহ্যমণ্ডিত, বাপতিসাহোন লোক উৎসৱ ফাট বিহুৰ একক আৰু মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ফাট বিহুৰ স্থায়ী মঞ্চত বিয়লি অনুষ্ঠিত হ’ব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি সংবাদ মেলযোগে জানিবলৈ দি জাতীয় সাজপাৰ পৰিধান কৰি সকলো শ্ৰেণীৰ লোকৰে উপস্থিতি কামনা কৰিছে ফাট বিহু সমিতিৰ লগতে ফাট বিহু উদযাপন সমিতিয়ে ।

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like