🔹 লক্ষ লক্ষ ভক্তৰ সমাগমেৰে উখল-মাখল ৰঙিয়াৰ হাতীখলা পথাৰ
🔹 কাইলৈ মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশনৰ দ্বিতীয় দিনা পুৱাৰ পৰা ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লক্ষ লক্ষ লোকৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় মৰাণজানাৰ হাতীখলা পথাৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ’। অধিৱেশনস্থলীত নিৰ্মিত আটকধুনীয়া প্ৰধান নামঘৰত পুৱাৰ পৰা লাখ লাখ ভকত-বৈষ্ণৱৰ নাম-প্ৰসংগৰে আধ্যাত্মিক কেন্দ্ৰস্থলীত পৰিণত হয় । আকাশে-বতাহে কেৱল হৰিনামৰ ধ্বনি। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰাণৱন্ত হৈ পৰিছে অধিৱেশনস্থলী । প্ৰথম দিনাতকৈ দ্বিতীয় দিনা ব্যাপক হাৰত ভক্তৰ সংখ্যা বৃদ্ধি হৈছে যদিও সংঘৰ সেৱা বাহিনীয়ে সুন্দৰ ব্যৱস্থাপনাৰে আপ্যায়ন কৰে। আজিৰ কাৰ্যসূচী অনুসৰি, পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ, নাম-প্ৰসংগৰ পিছত প্ৰতিনিধি সভাকক্ষত সংঘৰ জিলা শাখাৰ সভাপতি আৰু সম্পাদকসকলৰ এখন সন্মিলন অনুষ্ঠিত হয় ।
ইয়াৰ পিছত দিনৰ ভাগত সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড০ জগত চন্দ্ৰ কলিতাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত নিৰ্দিষ্ট বক্তা ড০ দ্বিজেন্দ্ৰ নাথ ভকতে মহাপুৰুষ শংকৰদেৱৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু জীৱন দৰ্শনৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। বিশিষ্ট বক্তা হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই অসমীয়া জাতিসত্তাক পূৰ্ণাংগ ৰূপ দিয়া গুৰুজনাৰ আদৰ্শেৰে আগবাঢ়ি যোৱাৰ বাবে সকলোকে আহ্বান জনায়। সভাত সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি মৃণাল কুমাৰ বৰুৱাই শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰাজি বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াত লোৱা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পিছত সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাৰ সভাপতিত্বত সংস্কৃতি শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হয় । প্ৰাক্তন উপ-পদাধিকাৰ বসুন্ধৰ ডেকাই উদ্বোধন কৰা উক্ত সভাত সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে শ্ৰীমন্ত শংকৰদেৱে মানুহৰ জীৱনৰ প্ৰতিটো দিশ প্ৰতিফলিত হোৱাকৈ তেওঁ নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে বাট দেখুৱাই দি থৈ গৈছে। বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি যুগান্তকাৰী কাম কৰি থৈ গৈছে। তেওঁৰ দৰ্শনসমূহ বাস্তৱ ক্ষেত্ৰত সকলোৱে প্ৰয়োগ কৰিলে এখন সুন্দৰ সমাজ পাবলৈ সক্ষম হ’ব বুলি দৈমাৰীয়ে কয়। সভাত সংঘৰ সংস্কৃতি শাখা সমিতিৰ প্ৰাক্তন সভাপতি ডাঃ নৱকৃষ্ণ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সহযোগী অধ্যাপক ড০ যাদৱ চন্দ্ৰ বৰাসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । ইয়াৰ পিছত সন্ধিয়া সমূহীয়া প্ৰাৰ্থনা, নাম-প্ৰসংগ, সাংস্কৃতিক সমাৰোহ, নাটঘৰত অংকীয়া নাট প্ৰদৰ্শন কৰা হয় । আনহাতে, কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি সভাত অংশগ্ৰহণ কৰিব ।
প্ৰেৰক ফাৰুক হুছেইন