নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত কংগ্ৰেছৰ পূৰ্বৰ কুকীৰ্তি উদঙালে আক্ৰমণাত্মক পৱিত্ৰ মাৰ্ঘেৰিটাই

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰী : লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চৰকাৰৰ অৰ্থনৈতিক শ্বেতপত্ৰৰ সমৰ্থনত আজি ৰাজ্যসভাত ভাষণ প্ৰদান কৰি মোদী চৰকাৰক উচ্চ প্ৰশংসা কৰাৰ সমান্তৰালভাৱে পুনৰ কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে অসমৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা । তেওঁ ভাষণত কংগ্ৰেছৰ পূৰ্বৰ কু-কীৰ্তি উদঙাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ অংগ ৰাজ্য নাগালেণ্ডত প্ৰথমটো ৰে’লৱে ষ্টেচন স্থাপন হৈছিল ১৯০৩ চনত আৰু ৰাজ্যখনে দ্বিতীয়টো ষ্টেচন লাভ কৰিবলৈ এটা শতিকা অপেক্ষা কৰিবলগীয়া হৈছিল। ২০২২ চনত মোদী ডাঙৰীয়াৰ সদিচ্ছাত নাগালেণ্ডত দ্বিতীয়টো ৰে’লৱে ষ্টেচন ৰাইজৰ বাবে মুকলি কৰা হয়। মোদী চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ সফলতাক প্ৰশংসাৰে উপচাই সাংসদগৰাকীয়ে পুনৰ কয় যে অসমৰ দীৰ্ঘতম পথ আৰু ৰে’ল সংযোগী বগীবিল দলঙৰ আধাৰশিলা ১৯৯৭ চনত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই স্থাপন কৰিছিল। এই দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০০২ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত। আশ্চৰ্যজনক কথাটো এয়াই যে এই দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠে অভিলেখসংখ্যক ২১ বছৰ পিছত, অৰ্থাৎ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি বগীবিল দলঙৰ নিৰ্মাণকাৰ্যত গুৰুত্ব আৰু অগ্ৰাধিকাৰ প্ৰদান কৰাৰ পিছতহে এয়া সম্ভৱ হৈ উঠিল। ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে বগীবিল দলঙৰ বাবে যিদৰে অসমবাসীয়ে দেৱেগৌড়া আৰু বাজপেয়ীক সদায় মনত ৰাখিব, ঠিক সেইদৰে ১৯৬২ চনত চীনৰ আগ্ৰাসনৰ সময়ত অসমক প্ৰায় চীনৰ হাতত সমৰ্পণ কৰা প্ৰধানমন্ত্ৰী নেহৰুকো অসমবাসীয়ে মনত ৰাখিব। একেদৰে নিজৰ অংগৰাজ্য মিজোৰামত চৰকাৰী বায়ুসেনাৰ দ্বাৰা নিজা নাগৰিকৰ ওপৰত বোমা নিক্ষেপ কৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো উত্তৰ-পূৰ্বাঞ্চলে মনত ৰাখিব। সাংসদ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পুনৰ কয় যে অসমৰ পৰা দুই-তিনিবাৰকৈ সংসদলৈ নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰা ড° মনমোহন সিঙে নিজৰ সুদীৰ্ঘ কাৰ্যকালত মাত্ৰ ৮ নে ৯ বাৰহে অসম ভ্ৰমণ কৰিছিল; তাৰ বিপৰীতে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হৈ এতিয়ালৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চল ৬৫বাৰ ভ্ৰমণ কৰিছে। এয়াই কংগ্ৰেছ আৰু বিজেপিৰ তফাৎ। তেওঁ পুনৰ কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ৰাহুল গান্ধীকো মনত ৰাখিব, যিয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত কৰা এক টুইটত বিনাদ্বিধাই উল্লেখ কৰিছিল যে ভাৰত মানে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা বেংগল; তেওঁৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চল নাথাকেই। আনকি সৌ সিদিনা ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত মুখথেকেচা খোৱাৰ পিছত সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই কৈছিল যে সৰু-সুৰা ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ তেওঁলোক মুঠেই উদ্বিগ্ন নহয়। সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছে সদায় উত্তৰ-পূৰ্বাঞ্চলক নিৰ্বাচনী আসনৰ সংখ্যাৰে দৃষ্টি দি আহিছে, উন্নয়নৰ পৰিমাপেৰে বা জনতাৰ প্ৰতি থাকিবলগীয়া সন্মানেৰে নহয়। কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া উত্তৰ-পূৰ্বাঞ্চল আধুনিক ভাৰতৰ ‘বিকাশ ইঞ্জিন’ হৈ উঠিছে আৰু সেইবাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ২৫খন লোকসভাৰ আসনৰ কেউখনেই এতিয়া মোদী ডাঙৰীয়াৰ পক্ষত। উল্লেখ্য যে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদান কৰা ভাষণত অসমৰ সাংসদগৰাকীৰ বক্তব্য সন্দৰ্ভত দুবাৰকৈ বিশেষভাৱে উল্লেখ কৰে ।

You might also like