নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আচামীৰ মৃত্যুক কেন্দ্র কৰি লখিমপুৰত লংকাকাণ্ড

🔹 উত্তেজিত লোকৰ শিলাবর্ষণ, খেলমাটি আৰক্ষী চকীত ভয়ংকৰ পৰিস্থিতি

🔹 লাঠীচালনা, শূন্যলৈ গুলী, কন্দুুৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ  

বিশেষ বার্তা,  ২৩ মে’ : আৰক্ষী চকীত আচামীৰ মৃত্যুক কেন্দ্র কৰি লখিমপুৰ নগৰত আজি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয়৷ এদল উন্মত্ত লোকে শিল দলিয়াই খেলমাটি আৰক্ষী চকীত আক্রমণ কৰি আৰক্ষী চকীৰ লগতে যান–বাহনৰ ক্ষতিসাধন কৰে৷ নিৰাপত্তাৰক্ষীয়েও লাঠীচালনা, কন্দুৱা গেছ নিক্ষেপ, শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়৷ এনে আক্রমণ–প্রতি আক্রমণৰ ঘটনাত সংবাদ মাধ্যমৰ লোকসহ কেইবাজনো নিৰাপত্তাৰক্ষী আহত হয়৷ এই ঘটনাৰ সূত্রপাত ঘটে কালি সন্ধিয়া৷ কালি খেলমাটি আৰক্ষী চকীৰ ভিতৰত মৃত্যু হয় এজন আচামীৰ৷ ব্যক্তিজনৰ নাম আশ্রফ আলী (৪২)৷ আশ্রফ আলীৰ ঘৰ লখিমপুৰৰ পিছম চানমাৰিত৷ এটা ম’বাইল ফোন সন্দর্ভত আশ্রফ আলীক কালি আৰক্ষীয়ে খেলমাটি আৰক্ষী চকীলৈ মতাই আনিছিল৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, তেওঁ এটা মোবাইল ফোন চুৰি ঘটনাত জড়িত আছিল৷ আৰক্ষী চকীত তেওক বহুৱাই থোৱাৰ সময়ত হঠাতে অসুস্থ হৈ মজিয়াত বাগৰি পৰে৷ আৰক্ষীয়ে তেওঁক লখিমপুৰ মেডিকেল কলেজলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ এই ঘটনাৰ প্রতিবাদত আজি পুৱাৰে পৰা শ শ লোকে আহি খেলমাটি আৰক্ষী চকীত উত্তাল পৰিস্থিতি সৃষ্টি কৰে৷ ঘটনাটোৰ প্রতিবাদ কৰিবলৈ পুৱাৰে পৰা স্থানীয় একাংশ লোক খেলমাটি আৰক্ষী চকীৰ সন্মুখত সমৱেত হয়৷ সময় বাগৰাৰ লগে লগে প্রতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পায়৷ তেওঁলোকে ঘটনাৰ তদন্ত বিচাৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে৷ ৰাষ্ট্রীয় ঘাইপথটোও অৱৰোধ কৰে একাংশ প্রতিবাদকাৰীয়ে৷ প্রতিবাদকাৰীৰ ৰুদ্রমূর্তি দেখি আৰক্ষীক সহায় কৰিবলৈ আহে অর্ধসামৰিক বাহিনী, আৰক্ষীৰ বেটেলিয়ন৷ সাজু হয় অগ্নিনির্বাপক বাহিনীৰ গাড়ী৷ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ যত্ন কৰে যদিও সফল হ’ব নোৱাৰিলে৷ ক্রমে পৰিস্থিতিৰ অধিক অৱনতি ঘটে৷ উত্তেজিত লোকসকলক আঁতৰাই পঠাবলৈ নিৰাপত্তাৰক্ষীয়ে মৃদু লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰা আৰম্ভ কৰি দিয়ে৷ নিৰাপত্তাৰক্ষীৰ এই ব্যৱস্থাত প্রতিবাদকাৰীসকল পিছহুঁহকি যোৱাৰ লগতে নিৰাপত্তাৰক্ষীসকল ৫০ মিটাৰ মান আগুৱাই যায়৷ কিন্তু হঠাৎ উত্তেজিত লোকসকলে আৰক্ষীলৈ শিল নিক্ষেপ কৰে৷ একপ্রকাৰ শিলাবর্ষণ হৈছিল সেই সময়ত৷ শিলাবর্ষণ কৰি এইবাৰ প্রতিবাদকাৰীসকল আগুৱাই অহাত নিৰাপত্তাৰক্ষীসকল পিছুৱাই যাবলৈ বাধ্য হয়৷ উত্তেজিত লোকৰ শিলাবর্ষণত নিৰাপত্তাৰক্ষীসকলে দৌৰি গৈ আৰক্ষী চকীকে ধৰি বিভিন্ন স্থানত লুকাই আত্মৰক্ষা কৰিবলগীয়া হয়৷ এই ঘটনাত নিউজ চেনেলৰ দুজনকৈ কেমেৰা পাৰ্ছনৰ লগতে কম-বেছি পৰিমাণে বহুকেইজন নিৰাপত্তাৰক্ষীও আহত হয়৷ নিৰাপত্তাৰক্ষীয়ে পশ্চাদপদ কৰাৰ লগে লগে উত্তেজিত লোকসকলে শিলাবর্ষণ কৰি আহি আৰক্ষী চকীৰ সন্মুুখ পায়৷ সন্মুুখৰ পৰা আৰক্ষী চকীত শিলাবর্ষণ কৰি আৰক্ষী চকীৰ ক্ষতি কৰাৰ লগতে আৰক্ষীৰ বাহন, টেম্পো আদিও ভাঙে৷ প্রায় দহ মিনিট সময় এনেদৰে আৰক্ষী চকীত আক্রমণ কৰি থকাত এইবাৰ আৰক্ষীয়ে লুকাই থকা স্থানৰ পৰা ওলাই প্রতি-আক্রমণ আৰম্ভ কৰে৷

হঠাৎ আৰক্ষীয়ে শূন্যলৈ গুলীবর্ষণ কৰি ওলাই আহে৷ আৰক্ষীয়ে কেইবা জাঁই গুলী চলাই ওলাই অহাৰ লগে লগে আক্রমণকাৰীসকল পিছুৱাই যায়৷ তেনে সময়তে ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তা বাহিনীৰ লোক উপস্থিত হয়৷ বিশাল নিৰাপত্তাৰক্ষীক চৌদিশে মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰা হয়৷ বর্তমান সমগ্র এলেকাটোত নিৰাপত্তাৰক্ষী নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰি ৰখা হৈছে যদিও এক গোমা উত্তেজনাময় পৰিৱেশ বিৰাজ কৰি আছে৷ আৰক্ষীয়ে ইতিমধ্যে আৰক্ষী আৰু আৰক্ষী চকীত আক্রমণকাৰীসকলৰ মাজত মুখ্য ভূমিকা লোৱা বুলি চিনাক্ত কৰি জাহাংগীৰ আলী নামৰ এজন যুৱকসহ আন দুজনক গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিন-দুপৰতে এনেদৰে এটা ঘটনাক কেন্দ্র কৰি আৰক্ষী আৰু আৰক্ষী চকীত আক্রমণ কৰা ঘটনা এহটোৱেই জিলাখনৰ ভিতৰত প্রথম বুলি ৰাইজে অভিহিত কৰিছে৷ অৱশ্যে এই ঘটনাৰ ক্ষিপ্র তদন্তৰ নির্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে৷ আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে সামাজিক মাধ্যম এক্সযোগে এই ঘটনাৰ প্রতিক্রিয়া ব্যক্ত কৰি উচিত তদন্তৰ নির্দেশ দিয়ে৷ ইতিমধ্যে ঘটনাটো সন্দর্ভত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে দুজনকৈ আৰক্ষীৰ লগতে গৃহৰক্ষীৰ এজন লোকক৷ নিলম্বিত হোৱা আৰক্ষী দুগৰাকী হৈছে ক্রমে খেলমাটি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া দীপাংকৰ চাংমাই, কনিষ্টবল ভৈৰৱ দেউৰী আৰু গৃহৰক্ষী বিভাগৰ জোৱান অনিল বৰা৷ ইতিমধ্যে আৰক্ষীৰ উপ–মহাপৰিদর্শকৰ নির্দেশ অনুসৰি এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াৰ জৰিয়তে ঘটনাটোৰ প্রাথমিক তদন্ত আৰম্ভ কৰা হৈছে৷ লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ো সামাজিক মাধ্যমযোগে ঘটনাটোৰ দোষী ব্যক্তিৰ শাস্তিৰ দাবী জনাইছে৷ উল্লেখ্য যে স্থানীয় লোকৰ মতে কেইমাহমান পূর্বে লখিমপুৰ নগৰ এলেকাৰ বৰমূৰীয়া তিনিআলিৰ এজন লোকৰ মোবাইল ফোন এটা হেৰায়৷ ৰহমান উপাধিৰ এজন লোকে সেই ফোনটো কিছুদিনৰ আগতে পশ্চিম চানমাৰিৰ আশ্রফ আলীক বিক্রী কৰে৷ কিন্তু আর্থিক অসুবিধাৰ বাবে আশ্রফ আলীয়ে কেইদিনমানৰ আগতে ফোনটো ৰাওনাপুৰৰ আন এজন লোকক বিক্রী কৰি দিয়ে৷ সেই ফোনটোৰ আঁত ধৰিয়েই কালি আৰক্ষীয়ে আশ্রফ আলীক আটক কৰি আনিছিল আৰু দুর্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যু হয়৷ আশ্রফ আলীয়ে তেওঁৰ মাক, পত্নীসহ দুটি সন্তানক এৰি গৈছে৷ এটা মোবাইল ফোনৰ পৰা লংকাকাণ্ড হোৱা এই ঘটনা সন্দর্ভত আৰক্ষীৰ ব্যৱস্থা কেনে হ’ব, সেয়া হ’ব সকলোৰে লক্ষণীয় বিষয়৷

প্ৰেৰক জীৱন গোস্বামী

You might also like