নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফল-মূলত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰক লৈ শংকিত জনতা

🔹 ধুবুৰীত কুম্ভকৰ্ণ নিদ্ৰাত খাদ্য সুৰক্ষা বিভাগ

নিয়মীয়া বাৰ্তা,  ২৩ মে’ : ধুবুৰী পৌৰসভা এলেকাত থকা মূল বজাৰকে ধৰি চহৰখনৰ বিভিন্ন অঞ্চলৰ পদপথত বিক্ৰী কৰি থকা বিভিন্ন ফল-মূল কিমান স্বাস্থ্যসন্মত? এই প্ৰশ্ন উত্থাপিত হৈছে ধুবুৰীত। উল্লেখ্য যে ধুবুৰীৰ ফল-মূলৰ একাংশ ব্যৱসায়ীয়ে কেঁচা আম, কল, অমিতা আদি বিভিন্ন ফল সোনকালে পকাবলৈ কেলচিয়াম কাৰ্বাইড নামৰ এবিধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে বুলি দীৰ্ঘদিনৰ পৰাই সন্দেহ প্ৰকাশ কৰি আহিছে বহুতে। উল্লেখ্য যে কেলচিয়াম কাৰ্বাইডৰ পৰা ওলোৱা এক বিশেষ গেছেৰে পকোৱা ফল মানৱ শৰীৰ বাবে ক্ষতিকাৰক। পিছে আজিলৈ জিলাখনৰ খাদ্য সুৰক্ষা বিভাগে ধুবুৰীকে ধৰি ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰা ফল-মূলৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ লোৱা দেখা নাই ৰাইজে। ফলত স্বাভাৱিকভাৱেই জনজীৱনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ এই বিষয়টোক লৈ স্থানীয় খাদ্য সুৰক্ষা বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত নেকি বুলি উত্থাপিত হৈছে প্ৰশ্ন। উল্লেখনীয় যে বিষয়টোক লৈ দাখিল হোৱা ৰাজহুৱা স্বাৰ্থজনিত আবেদন এখন গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই ফল-মূলত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ এক নিৰ্দেশনাও জাৰি কৰিছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like